ডাউনলোড
মোবাইল এপ

android apple
signal

October 20, 2024 7:55 PM | PM Modi at Varanasi

printer

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা বাৰাণসীত ৬,৭০০ কোটি টকাৰ ২৩ টা বহুমুখী উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত হোৱা ৬,৭০০ কোটি টকাৰ ২৩ টা বহুমুখী উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলিও কৰে। সংযোগ ব্যৱস্থা উন্নত কৰিবলৈ তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক শক্তিশালী কৰি শ্ৰীমোদীয়ে উত্তৰ প্ৰদেশৰ চৰ্চৱা বিমানবন্দৰ, চত্তিশগড়ৰ অম্বিকাপুৰত মা মহামায়া বিমানবন্দৰ আৰু মধ্য প্ৰদেশৰ ৰেৱা বিমান বন্দৰৰ নতুন আগমন প্রস্থান ভৱন মুকলি কৰে। এই বিমান বন্দৰসমূহত এতিয়া বার্ষিকভাৱে ২ কোটি ৩০ লাখতকৈও অধিক যাত্রী আহ-যাহ কৰিব পাৰিব। এই বিমানবন্দৰসমূহৰ শৈলীসমূহ সংশ্লিষ্ট অঞ্চলৰ ঐতিহ্যময় কীৰ্তিচিহ্নসমূহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱেৰ সম্প্ৰসাৰণ আৰু নতুন আগমন-প্ৰস্থান ভৱনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পশ্চিমবংগৰ বাগদোগ্রা বিমানবন্দৰ, বিহাৰৰ দাৰভাঙ্গা বিমানবন্দৰ আৰু উত্তৰ প্ৰদেশৰ আগ্ৰা বিমান বন্দৰত নতুন অসামৰিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। দেশত উচ্চ মানসম্পন্ন ক্রীড়া আন্তঃগাথনি নিৰ্মাণ কৰাৰ তেওঁৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি শ্ৰীমোদীয়ে স্মার্ট চিটি অভিযান তথা খেলো ইণ্ডিয়া আঁচনিৰ অধীনত বাৰাণসী স্পোর্টছ কমপ্লেক্স পুনৰ উন্নয়নৰ দ্বিতীয় তথা তৃতীয় পৰ্যায় মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে ৰাষ্ট্ৰীয় উৎকৰ্ষতা কেন্দ্ৰ, খেলুৱৈ আৱাস, ক্রীড়া বিজ্ঞান কেন্দ্ৰ, বিভিন্ন ক্ৰীড়াৰ অনুশীলন ক্ষেত্ৰ, ইন্দোৰ শ্বুটিং ৰেঞ্জ তথা অন্যান্য শেহতীয়া সা-সুবিধাযুক্ত ক্রীড়া আন্তঃগাথনি নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। তেওঁ লগতে লালপুৰৰ ড০ ভীমৰাও আম্বেদকাৰ স্পোর্টছ ষ্টেডিয়ামত দৰ্শকৰ পেভেলিয়ন তথা এশখন বিচনাযুক্ত খেলুৱৈ আৱাস মুকলি কৰে। শ্ৰীমোদীয়ে সাৰনাথৰ বৌদ্ধ ধৰ্মৰ সৈতে সম্পর্ক থকা স্থানসমূহত পৰ্যটন উন্নয়নমূলক কাম-কাজো মুকলি কৰে। তেওঁ বানাসুৰ মন্দিৰ আৰু গুৰুধাম মন্দিৰত পৰ্যটন উন্নয়নমূলক কাম-কাজ তথা কেইবাখনো উদ্যানৰ সৌন্দৰ্য বৰ্ধন আৰু পুনৰ উন্নয়নৰ দৰে বিভিন্ন পদক্ষেপ মুকলি কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথো অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰ জে শংকৰা চকু চিকিৎসালয় উদ্বোধন কৰে। তামিলনাডুৰ কাঞ্চি কামাকোটি পীঠমৰ শ্ৰীশংকৰ বিজয়েন্দ্ৰ সৰস্বতীৰ উপস্থিতিত চিকিৎসালয়খন উদ্বোধন কৰা হয়।

দেশৰ আগশাৰীৰ চকুৰ চিকিৎসা সেৱা প্ৰদান কৰা শংকৰ নেত্ৰালয়াই বিনিয়োগকাৰী ঝুনঝুনৱালা পৰিয়াল আৰু আমেৰিকাৰ শংকৰা আই ফাউণ্ডেছনৰ সহযোগত এই চিকিৎসালয়খন স্থাপন কৰিছে। বাৰাণসীৰ এই চিকিৎসালয়খন দেশৰ ভিতৰতে শংকৰ নেত্ৰালয়ৰ চতুৰ্দশ চিকিৎসালয়। ইয়াত প্ৰতিবছৰে ৩০ হাজাৰৰো অধিক দৰিদ্ৰ ৰোগীৰ অস্ত্ৰোপচাৰ কৰিব পৰা যাব। অত্যাধুনিক সা-সুবিধা থকা এই চিকিৎসালয়খন ১১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ইয়াত ৯ টা অপাৰেছন থিয়েটাৰৰ লগতে অন্যান্য প্রয়োজনীয় সা-সুবিধা থাকিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰত দেশৰ স্বাস্থ্যখণ্ডৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। দেশৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে অহা ৫ বছৰত চৰকাৰে আৰু ৭৫ হাজাৰ চিকিৎসা আসন নতুনকৈ সংযোজন কৰিব বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যোৱা ১০ বছৰত পূৰ্বাঞ্চলত ৫,৫০০ৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপনৰ কথা উল্লেখ কৰি তেওঁ কয় যে আয়ুষ্মান আৰোগ্য মন্দিৰে ঔষধ অধিক সুলভ কৰি তুলিছে যাৰ ফলত ঔষধৰ ওপৰত গড় ব্যয় ২৫ শতাংশ হ্রাস পাইছে। প্ৰথমবাৰৰ বাবে তেঁওৰ চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত প্ৰতিষেধক প্ৰদানৰ দূৰৱস্থাৰ কথা চিন্তা কৰি প্রধানমন্ত্রীয়ে লাখ লাখ গৰ্ভৱতী মহিলা আৰু নৱজাতকক প্ৰতিষেধক প্ৰদান কৰিব পৰা মিছন ইন্দ্ৰধনুষৰ সফলতাৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে এই মিছনে কোৱিড-১৯ মহামাৰীৰ সময়ত বহুজনৰ জীৱন ৰক্ষা হোৱাত সহায় কৰিছে।

অধিক পঢ়ক

সকলো চাওক