প্ৰধানমন্ত্ৰী গ্ৰাম্য ছড়ক যোজনাৰ চতুর্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে ২০২৪-২৫ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য ছড়ক যোজনাৰ চতুর্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন দিছে। এই আঁচনিৰ বাবে মুঠ ৭০ হাজাৰ ১২৫ কোটি টকা ব্যয় হ’ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, এই আঁচনিৰ অধীনত ৬২ হাজাৰ ৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ জৰিয়তে বৰ্তমানলৈকে যোগাযোগৰ ভাল সুবিধা নথকা ২৫ হাজাৰ বসতিস্থলক সামৰি লোৱা হ’ব। ইয়াৰ ফলত ৪০ কোটি কৰ্ম দিনৰ বাবে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। সকলো বতৰত ব্যৱহাৰৰ উপযোগী এই পথসমূহে দূর্গম অঞ্চলৰ আৰ্থ সামাজিক উন্নয়ন আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত অনুঘটকৰ দৰে ভূমিকা পালন কৰিব। এই বসতিস্থলসমূহক পথেৰে সংযোগ কৰাৰ সময়ত নিকটৱৰ্তী চৰকাৰী শৈক্ষিক প্রতিষ্ঠান, স্বাস্থ্য প্ৰতিষ্ঠান, বজাৰ, বিকাশ কেন্দ্ৰৰ লগতে যথা সম্ভৱ সকলো ধৰণৰ সুবিধাৰে সংযুক্ত কৰাৰ প্ৰয়াস চলোৱা হ’ব যাতে ইয়াৰ পৰা স্থানীয় লোকসকল উপকৃত হয়। আঁচনিখনৰ অধীনত পথ যোগাযোগ আঁচনিসমূহক প্রধানমন্ত্রী গতিশক্তি প’ৰ্টেলৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক