প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তিনি কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ সিদ্ধান্ত

তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন নতুন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গ্ৰাম্য আৰু নগৰ অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তিনি কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২০১৫-১৬ বৰ্ষৰ পৰা এই যোজনাৰ অধীনত ৪ কোটি ২১ লাখ গৃহ দৰিদ্ৰ জনসাধাৰণৰ বাবে নিৰ্মাণ কৰা হৈছে বুলি বৈঠকত উল্লেখ কৰাৰ লগতে এই গৃহসমূহত শৌচাগাৰ, প্ৰসাৱগাৰৰ সুবিধা, ৰন্ধন গেছৰ সংযোগ, বিদ্যুৎ সংযোগ, নলযোগে পানী যোগানকে ধৰি প্ৰাথমিক সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰা হয় । ইফালে, কার্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোদীয়ে কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তিও মুকলি কৰি দিয়ে। এই কিস্তিৰ দ্বাৰা ৯ কোটি ৩০ লাখ কৃষকক প্ৰায় ২০ হাজাৰ কোটি টকা বিতৰণ কৰা হ’ব। শ্রীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্তই কৃষকসকলৰ কল্যাণৰ হকে তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্রতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰ কৃষকসকলৰ উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে ২০১৯ চনত পি এম কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে যোগ্য কৃষকক ছহেজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি ২ হাজাৰকৈ তিনিটা কিস্তিত হিতাধিকাৰীসকলৰ বেংক একাউণ্টযোগে প্রদান কৰা হয়। আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে ১১ কোটি কৃষক পৰিয়াল উপকৃত হৈছে।

অধিক পঢ়ক

সকলো চাওক