প্ৰধানমন্ত্ৰী মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত আছে। এই বৈঠকৰ পাছত উভয় ৰাষ্ট্ৰৰ সহমতত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। আজি পুৱা নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱন চৌহদত অভ্যাগত প্রধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে এটি অভ্যর্থনাৰ আয়োজন কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত তেওঁক সাক্ষাৎ কৰে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থলত পুষ্পার্ঘ্য নিবেদন কৰে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৰাষ্ট্ৰপতি দ্রৌপদী মুমু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়কো সাক্ষাৎ কৰাৰ কথা। উল্লেখযোগ্য যে শ্রী ছিন তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা মঙলবাৰে আহি নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে কেইবাগৰাকীও মন্ত্ৰী, উপ-মন্ত্ৰী, ব্যৱসায়ীসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল ভাৰতলৈ আহিছে। ভাৰত আৰু ভিয়েটনামৰ মাজত অতি পুৰণি ঐতিহাসিক আৰু সাংস্কৃতিক সম্বন্ধ আছে। ২০১৬ চনৰ ছেপ্তেম্বৰত ভাৰতৰ প্ৰধানমন্ত্রীয়ে কৰা ভিয়েটনাম ভ্ৰমণৰ জৰিয়তে এই সম্পৰ্ক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত হয়। ভাৰতে ভিয়েটনামক পূবলৈ চোৱা নীতিৰ মূল স্তম্ভ আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় ভৱিষ্য দৰ্শনৰ অতি গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপেও বিবেচনা
কৰে।

অধিক পঢ়ক

সকলো চাওক