প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কুৱেইটত দেশখনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হ’ব। এই বৈঠকৰ পূর্বে প্রধানমন্ত্রী মোদীক দেশখনৰ বায়ান পেলেচত হ’বলগীয়া এটা বিশেষ অনুষ্ঠানত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব। ইয়াৰ পাছত তেওঁ কুৱেটৰ আমিৰ আৰু দেশখনৰ যুৱৰাজৰ সৈতে পৃথক বৈঠকত মিলিত হ’ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ’ব। প্ৰধানমন্ত্রী কালি দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হয়। উল্লেখযোগ্য যে, বিগত ৪৩ বছৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম কুৱেইট ভ্রমণ। কুৱেইটৰ আমিৰৰ নিমন্ত্ৰণ মর্মে তেওঁ দেশখনলৈ গৈছে। প্রধানমন্ত্রী মোদীয়ে কালি দেশখনত ভাৰতীয় মূলৰ লোকসকলে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। কুৱেইটত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ কঠোৰ পৰিশ্ৰম, সাফল্য আৰু দেশখনৰ বিকাশৰ যাত্ৰাত আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশ দুখনৰ মাজৰ সম্পৰ্কক দৃঢ় কৰাৰ বাবে তেওঁলোকে আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে। বিশ্ববন্ধু অর্থাৎ সমগ্ৰ বিশ্বৰ সৈতে বন্ধুত্বভাৱ গঢ়ি তোলাৰ ভাৰতীয় দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে প্রযুক্তি, আন্তঃগাঁথনি আদি ক্ষেত্ৰত দেশৰ দ্ৰুত বিকাশ আৰু পৰিৱৰ্তনৰ বিষয়ে ব্যাখ্যা কৰে। ভাৰতৰ, সমগ্ৰ বিশ্বৰ ভিতৰতে দক্ষতাৰ কেন্দ্ৰ হোৱাৰ সামৰ্থ্য আছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে গোলকীয় প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি দেশে দক্ষতা বিকাশৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কুৱেটৰ মীনা আব্দুলা অঞ্চলৰ এটা শ্রমিক শিৱিৰ পৰিদৰ্শন কৰি ভাৰতীয় শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰে। উল্লেখযোগ্য যে, এই শিৱিৰটোত ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ১ ৫০০ ভাৰতীয় শ্রমিক আছে। প্রধানমন্ত্ৰীয়ে যোৱা ১০টা বছৰত ভাৰত চৰকাৰে শ্ৰমিকৰ কল্যাণৰ কাৰণে গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী আঁচনিৰ বিষয়ে তেওঁলোকক অৱগত কৰে। প্ৰধানমন্ত্রী মোদীয়ে ভাৰতীয় বিদেশ সেৱাৰ প্ৰাক্তন বিষয়া এশ এবছৰীয়া মংগল ছেইন পাণ্ডাকো সাক্ষাৎ কৰে। তেওঁ লগতে ২৬ সংখ্যক আৰবিয়ান গাল্ফ কাপৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
Site Admin | December 22, 2024 11:17 AM | PM Modi Kuwait visit