প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। দলসমূহে শীর্ষ নেতৃত্ব আৰু তাৰকা প্ৰচাৰকৰ উপস্থিতিত সমষ্টিসমূহৰ ঠায়ে ঠায়ে জনসমাবেশ, মটৰ চাইকেল সমদল, ৰোড শ্ব’ আদি অনুষ্ঠিত কৰিও প্ৰচাৰ চলাইছে। তদুপৰি বিভিন্ন অঞ্চললৈ গৈ ভোটদাতা ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ মন জয় কৰাৰ চেষ্টা চলাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ এপ্ৰিলত বৰপেটা আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নির্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। এই সভাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে কালি তামুলপুৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এখন বৈঠকত মিলিত হয়। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাকোমত কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রীসোণোৱালে বিয়লিৰ ভাগত ডিগবৈৰ বৰবিল হনুমান মন্দিৰৰ পৰা গান্ধী ময়দানলৈ এটা পদযাত্ৰাতো অংশ ল’ব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ আজি হোজাইৰ লামডিঙত এখন জনসভাত অংশগ্ৰহণ কৰাৰ কথা। ড০ শৰ্মাই কালি হোজাই আৰু শোণিতপুৰৰ কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । ডিব্ৰুগড় সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে কালি খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। একেদৰে যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাট নগৰত কেইবাটাও প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডিফু লোকসভা সমষ্টিৰ বিজেপি প্রার্থী অমৰ সিং তিচ’ৱে কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ প্ৰতিটো পৰিষদীয় সমষ্টিত প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে কংগ্ৰেছ আৰু অল পাৰ্টী হিল্‌ছ লিডাৰ কনফাৰেন্স দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেং আৰু জন ইংতি কাঠাৰে গাঁৱে গাঁৱে গৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ত ১৭ খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২ খন লোকসভা আসনৰ বাবে নিৰ্বাচন হ’ব। তদুপৰি চিকিমৰ ৩২ খন আৰু অৰুণাচল প্ৰদেশৰ ৬০ খন বিধানসভা আসনৰ বাবে এই পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক