প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত স্ট্রংৰূমত নিশ্চিদ্ৰ নিৰাপত্তা মাজত ই ভি এমসমূহ ৰখাৰ ব্যৱস্থা

প্ৰথম পৰ্যায়ত কালি ৰাজ্যখনত লোকসভা নির্বাচন অনুষ্ঠিত ৫ টা সমষ্টিৰ অন্তর্গত ১৪ খন জিলাত ভোটগ্রহণ হোৱা ই ভি এমসমূহ ২৫ টা স্ট্রংৰূমত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। অসম আৰক্ষীৰ শীর্ষ বিষয়াই প্ৰকাশ কৰা মতে, ষ্ট্ৰংক্ৰমসমূহত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰাৰ লগতে চি চি কেমেৰাৰ দ্বাৰা নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ই ভি এমসমূহ ৰখাৰ ক্ষেত্ৰত প্ৰতিটো ব্যৱস্থাই গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে, কালি ৰাজ্যখনৰ ৫ টা সমষ্টিত শান্তিপূর্ণভাবে আৰু নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যখনত ৭৫. ৯-৫ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰ ভিতৰত যোৰহাট সমষ্টিত প্রায় ৮০ শতাংশ, ডিব্ৰুগড়ত ৭৬.৭–৪ শতাংশ, কাজিৰঙাত ৭৫ শতাংশৰ অধিক, লখিমপুৰত ৭২ শতাংশৰ অধিক আৰু শোণিতপুৰত প্ৰায় ৭৫ শতাংশ ভোটদাতাই ভোটদান কৰে। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত ৭২ দশমিক ১-৭ শতাংশ, ছিকিমত ৮০ শতাংশৰ অধিক, অৰুণাচল প্ৰদেশত ৭২ শতাংশৰ অধিক, মেঘালয়ত প্রায় ৭৪ শতাংশ, মিজোৰামত ৫৬ শতাংশৰ অধিক, নাগালেণ্ডত প্রায় ৫৭ শতাংশ আৰু ত্ৰিপুৰাত সৰ্বাধিক ৮১ শতাংশৰো অধিক লোকে ভোটদান কৰে। একেদৰে বিহাৰত ৪৮.৮-৮, ছত্তিশগড়ত ৬৭.৫-৬, উত্তৰ প্ৰদেশত ৬০.২-৫, মহাৰাষ্ট্ৰত ৬১. ৮-৮, ৰাজস্থানত ৫৭.২-৫, ৬-২ আৰু পশ্চিম বংগত ৮১. ৯–১ শতাংশ ভোটদাতাই ভোটদান কৰে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা সমষ্টিত হোৱা নিৰ্বাচনত সামগ্ৰিকভাৱে ৬৮ শতাংশৰো অধিক ভোটদান হয়। এই পৰ্যায়ত দেশত মুঠ এহেজাৰ ৬২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নীতিন গাডকাৰী, কিৰেণ ৰিজিজু, জিতেন্দ্ৰ সিং, সঞ্জীৱ বালিয়ান, কংগ্ৰেছ নেতা গৌৰৱ গগৈ, কার্তি চিদম্বম, নকুল নাথ, ডি এম কেৰ দয়ানিধি মাৰাণ, বিজেপি নেতা তামিলছাই সৌন্দৰৰাজন আৰু জিতিন প্রসাদ অন্যতম। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশ আৰু ছিকিমত কালি এটা পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। নির্বাচন আয়োগৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৭৬. ৪-৪ আৰু ছিকিমত ৭৯.৮-৬ শতাংশ ভোটদান সম্পন্ন হয়। নির্বাচন আয়োগে ভোটদাতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। ছত্তিশগড়ৰ বাষ্টাৰৰ ৫৬ খন গাওঁ আৰু গ্ৰেট নিকোবৰৰ ছোম্পেন জনজাতিৰ লোকসকলে এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰে ।

অধিক পঢ়ক

সকলো চাওক