ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰথমটো মানৱবিহীন অভিযান গগনযান আৰম্ভ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে : এছ সোমনাথ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে কৈছে যে চলিত বৰ্ষৰ শেষৰ ফালে প্ৰথমটো মানৱবিহীন অভিযান গগনযান আৰম্ভ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। ইছৰ’ত সংবাদ মাধমৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে কয় যে ৰকেটৰ সকলো অংশ সতীশ ধাৱান মহাকাশ কেন্দ্ৰলৈ লৈ যোৱা হৈছে আৰু উৎক্ষেপনৰ বাবে তাত সম্পূৰ্ণৰূপে সাজু কৰা হ’ব। মানৱ অভিযানত মহাকাশচাৰীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ গামা ৰশ্মি আৰু অতি বেঙুনীয়া ৰশ্মিৰ পৰিসৰ পৰীক্ষা কৰিবলৈ ইয়াত বিভিন্ন ধৰণৰ সা-সঁজুলি উপলব্ধ কৰা হ’ব বুলিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এছ সোমনাথে লগতে কয় যে তামিলনাডুৰ কুলছেকাৰাপট্টিনমত মহাকাশ কেন্দ্ৰ স্থাপনৰ কাম দুবছৰৰ ভিতৰত সম্পন্ন হ’ব। চুবুৰীয়া দেশৰ অৱস্থানসমূহৰ প্ৰতি লক্ষ্য ৰাখি সৰু সৰু উপগ্রহসমূহ উৎক্ষেপন কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। ইছৰৰ অধ্যক্ষগৰাকীয়ে কয় যে সফল পৰীক্ষণৰ পাছত ভাৰতৰ হাতত যিকোনো ধৰণৰ উপগ্ৰহ কম খৰছত উৎক্ষেপন কৰাৰ ক্ষমতা আছে। তেওঁ কয় যে মহাকাশ উদ্যোগটোলৈ প্ৰযুক্তি হস্তান্তৰৰ ধাৰণাটোৱে মহাকাশ উদ্যোগৰ বিশ্বব্যাপি ক্ষেত্ৰখনত ভাৰতক যথেষ্ট লাভান্বিত কৰিব।

অধিক পঢ়ক

সকলো চাওক