প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ’বঃ মুখ্যমন্ত্ৰী

চলিত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদবোৰ পূৰণৰ বাবে অনুষ্ঠিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে। উল্লেখযোগ্য যে চৰকাৰে ২০২১ চনৰ পৰীক্ষা প্ৰাৰ্থীসকলৰ পৰা মাচুল লৈছিল যদিও এইবাৰ সেই মাচুল ৰেহাই দিয়া হৈছে। লক্ষ্যনীয় যে প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ বাবে অন্য ব্যৱস্থা বোৰৰ লগতে এইবাৰ পৰীক্ষাৰ্থীক পৰীক্ষাৰ অন্তত প্ৰশ্নকাকত লগত নিবলৈ দিয়া হোৱা নাছিল। ইয়াৰ বাবে সামাজিক মাধ্যমত ব্যাপক সমালোচনা হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পৰৱৰ্তী পৰীক্ষাবোৰত প্ৰশ্নকাকতসমূহ লগত নিবলৈ দিয়া হ’ব। আনহাতে ৫০ টকা মাচুলৰ বিনিময়ত OMR চিটৰ ফটোকপি সেবাই প্ৰাৰ্থীসকলক দিয়া ব্যৱস্থা কৰিব। মুখ্যমন্ত্ৰীয়ে এই প্ৰক্ৰিয়া ২৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰি পৰীক্ষা স্বচ্ছ, নিকা আৰু ত্রুটিহীনভাৱে অনুষ্ঠিত কৰা হ’ব বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক