ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 11:57 AM | Paddy

printer

প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কৰ পৰা কৃষি বিভাগৰ সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা

ৰাজ্যৰ কৃষি বিভাগে তৃতীয়বাৰৰ বাবে প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কসকলৰ পৰা সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা কৰিছে। অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদ, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড আৰু অসম ৰাজ্যিক পন্যাগাৰ নিগমৰ জৰিয়তে সৰিয়হ ক্ৰয় কৰা হ’ব। কৃষি বিভাগে অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৫ মে’ লৈ ক্ৰয়ৰ সময়সীমা নির্ধাৰণ কৰিছে। কৃষকসকলে সৰিয়হ বিক্ৰীৰ বাবে ই-সমৃদ্ধি প’ৰ্টেলত পঞ্জীয়ন হোৱাটো বাধ্যতামূলক। ইয়াৰ লগতে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষক প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিব লাগিব। কৃষক প্রমাণ-পত্ৰৰ লগতে আধাৰকার্ড, বেংক পাছবুকৰ প্ৰতিলিপি আৰু মোবাইল নম্বৰ সংশ্লিষ্ট কর্তৃত্বশীল বিষয়াৰ ওচৰত জমা দিব লাগিব৷

অধিক পঢ়ক

সকলো চাওক