প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগচেথৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। টেলিফোন যোগে হোৱা বাৰ্তালাপত দুয়ো স্থল, বায়ু, সামুদ্ৰিক আৰু মহাকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়সমূহ পর্যালোচনা কৰে। এই বাৰ্তালাপতে শ্রীসিঙে আমেৰিকা প্ৰতিৰক্ষা সচিব ৰূপে নিযুক্তি লাভ কৰা বাবে হেগচেথক অভিনন্দন জনায়। দুয়োগৰাকী নেতাই উভয় ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সহযোগিতাৰ শলাগ লোৱাৰ লগতে আগলৈ এই সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ পোষকতা কৰে। লগতে প্রযুক্তিগত সহযোগিতা, তথ্যৰ আদান-প্রদান, যৌথ সামৰিক অনুশীলন আদি বিষয়ত একেলগে কাম কৰাৰো দুয়ো সিদ্ধান্ত লয়। ভাৰত আৰু আমেৰিকাই যৌথভাৱে কাম কৰি প্ৰতিৰক্ষা সহযোগিতাৰ বিস্তৃত পৰিকাঠামোৰ খচৰা প্ৰস্তুত কৰা তথা ২০২৫ৰ পৰা ২০৩৫ চনৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ গাঁথনি সাজু কৰ বিষয়টোতো দুয়ো সন্মতি প্ৰদান কৰে।
Site Admin | February 7, 2025 10:33 AM | Rajnath Singh
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগচেথৰ মাজত বিশেষ আলোচনা
