চৰকাৰৰ আহ্বান মৰ্মে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰে। সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ’ব আৰু ২০ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব।
Site Admin | November 24, 2024 6:17 PM | Parliament Session
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠক
