প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলৰ ক্ষেত্ৰত থকা মতানৈক্য সমাধানৰ বাবে কূটনৈতিক আৰু সামৰিক দুয়োটা পৰ্যায়তে আলোচনাত মিলিত হয়। এই আলোচনা অনুসৰি সম আৰু পাৰস্পৰিক নিৰাপত্তাৰ ভিত্তিত বহুলভাৱে সহমতত উপনীত হয়। শ্রী সিঙে ভার্চুৱেল ব্যৱস্থাৰে টাৱাঙত আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি আৰু মেজৰ ৰালেংনাও বব খাটিং ‘সাহসৰ সংগ্ৰহালয়’ উদ্বোধন কৰি এনেদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে টাৱাঙত নিৰ্মাণ কৰা চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিয়ে একতাৰ শক্তি আৰু ভাৰতৰ দৰে বিবিধতাৰে পূৰ্ণ এখন ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্রয়োজন হোৱা অদম্য সাহসৰ কথা জনসাধাৰণক সোঁৱৰাই দিয়াৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব। শ্ৰী সিঙে উল্লেখ কৰে যে উত্তৰ-পূব খণ্ডৰ উন্নয়ন হ’লেহে দেশৰ সামগ্ৰিক বিকাশ সম্ভৱ হ’ব। চৰকাৰে এনে এখন উত্তৰ-পূৰ্বাঞ্চল নির্মাণ কৰিব, যিখন কেৱল প্ৰাকৃতিক আৰু সাংস্কৃতিকভাৱে শক্তিশালী আৰু সমৃদ্ধই নহয়, বৰং আৰ্থিকভাৱেও উন্নত হ’ব বুলি শ্ৰী সিঙে মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সেনা বাহিনীয়ে কেৱল সুৰক্ষা প্ৰদানেই নকৰে, বৰঞ্চ সীমান্ত এলেকাসমূহত জনসাধাৰণৰ সৈতে সহযোগ কৰি সেই খণ্ডসমূহৰ উন্নয়নৰ এটা মাধ্যম হিচাপেও কাম কৰে । তেওঁ কয় যে ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন, শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতা আৰু অধিক শক্তিশালী হৈ পৰিছে। উল্লেখযোগ্য যে অসমৰ তেজপুৰৰ 4 Corps ৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী সিঙে এই উদ্বোধনী কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁ আজি অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণ কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হয়। আজিৰ অনুষ্ঠানত গৱৰ্ণৰ অৱসৰপ্ৰাপ্ত লেফটেণেণ্ট জেনেৰেল কে টি পাৰনাইক, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ লগতে মেজৰ বব খাটিঙৰ পৰিয়ালৰ লগতে অন্যান্য ব্যক্তিসকল উপস্থিত থাকে।
Site Admin | October 31, 2024 5:40 PM | Rajnath Singh
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিলে টাৱাঙত নিৰ্মিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি
