প্ৰতিষেধকৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত চবকা ৰোগ মুক্ত ভাৰতৰ লক্ষ্য

কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কালি প্ৰতিষেধকৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত চবকা ৰোগ মুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে বিভাগটোৱে লোৱা ব্যৱস্থাৰ পৰ্যালোচনা চলায় ৷ শ্রী সিঙে কয় যে পশুধন খণ্ড অকল ভাৰতীয় অৰ্থব্যৱস্থাৰ বাবেই নহয় বৰং খেতিয়কসকলৰ জীৱিকাৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ। পর্যালোচনা বৈঠকত ২০৩০ চনৰ ভিতৰত ভাৰতবৰ্ষক চবকা ৰোগ মুক্ত কৰাৰ বাবে বিশেষ কার্য পৰিকল্পনালৈ আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটক, তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, পাঞ্জাব, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু গুজৰাটসহ আন ৰাজ্যসমূহ চবকা ৰোগমুক্ত কৰিব বিচাৰে। এই অঞ্চলসমূহত প্রতিষেধক প্রদান ইতিমধ্যে আৰম্ভ হৈছে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, চবকা ৰোগৰ বাবে প্ৰতিবছৰে প্রায় ২৪ হাজাৰ কোটি টকাৰ লোকচান হয় আৰু এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰিলে গাখীৰৰ উৎপাদনো বৃদ্ধি পাব। সকলো পশু প্ৰতিষেধক ঘৰুৱাভাবে উৎপাদন কৰাৰ বিষয় লৈ সন্তুষ্টি প্ৰকাশ কৰি শ্ৰী সিঙে কয় যে, ভাৰত সম্প্ৰতি এনে প্ৰতিষেধক ৰপ্তানি কৰিব পৰা হৈছে। বৈঠকত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন ৰাজ্যমন্ত্ৰী প্ৰফেছৰ এছ পি সিং বাঘেল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক