গুৱাহাটী মহানগৰীত কংগ্ৰেছ দলে ৰূপায়ণ কৰা এটা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত আজি দলৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাজনো নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে। প্ৰয়াত কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ প্রতিকৃতিত শ্রদ্ধাঞ্জলি জ্ঞাপন আৰু তেওঁৰ মৃত্যু ন্যায়িক তদন্ত বিচাৰি কংগ্ৰেছ কৰ্মীসকলে মহানগৰীৰ হাতীগাঁও চাৰিআলিত সমবেত হৈ দিছপুৰৰ জনতাভৱনলৈ অগ্ৰসৰ হোৱাৰ চেষ্টা কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক প্রতিহত কৰে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দলটোৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা, বিধায়ক দিগন্ত বৰ্মন আৰু জাকিৰ হুছেইন ছিকদাৰ, যুৱ নেতা ৰাতুল কলিতাকে ধৰি ভালেসংখ্যক নেতা-কর্মীক আটক কৰে । ইয়াৰ পাছতো একাংশ কংগ্ৰেছ কৰ্মী আৰক্ষীৰ বাধা-নিষেধ নেওচি জনতাভৱনলৈ যোৱাৰ চেষ্টা কৰে। আৰক্ষীয়ে এইসকলৰ মাজৰ পৰাও ভালে সংখ্যকক আটক কৰে আৰু বাকীসকলক আঁতৰাই পঠিয়ায়। এই বাতৰি লিখাৰ পৰলৈকে ভূপেন বৰাকে ধৰি কংগ্ৰেছ নেতাসকলক কাহিলী পাৰাৰ দশম আৰক্ষী বেটেলিয়নৰ চৌহদত ৰখা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেওঁলোকৰ নেতাসকলক আটক কৰা কাৰ্যক গৰিহণা দিছে আৰু ইয়াক অগণতান্ত্রিক বুলি অভিযোগ কৰিছে।
Site Admin | December 20, 2024 8:38 PM | Congress Arrest