প্ৰতিটো সমষ্টিতে একোখনকৈ সমজিলা গঠন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ প্ৰশাসনক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বাবে জিলা সদৰসমূহক বাদ দি প্ৰতিটো সমষ্টিতে চৰকাৰে একোখনকৈ সমজিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে। অসমৰ ৩৯ টা বিধানসভা সমষ্টিত অহা ৪ আৰু ৫ অক্টোবৰত এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। বাকী সমষ্টিসমূহতো দ্বিতীয় পৰ্যায়ত সমজিলা গঠন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। এই সন্দৰ্ভত তেওঁ কয় যে, সমজিলাসমূহৰ জৰিয়তে বহু প্রসাশনীয় কামকাজ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈ সমাধান কৰা সম্ভৱ হ’ব। উল্লেখযোগ্য যে, দেশৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে এই ধৰণৰ জনমুখী চিন্তা ৰূপায়ণ কৰা হৈছে । আনহাতে ৰাজ্যখনৰ প্ৰায় দুই লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰাৰ বাবে নতুন দিল্লীত উপস্থিত হৈছে। ইয়াৰ পূৰ্বে এই পৰামৰ্শাৱলী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ সৈতে ৰাজ্যতে আলোচনাত মিলিত হৈছিল। উল্লেখযোগ্য যে এই প্ৰতিবেদনৰ মুঠ ৬৭টা পৰামৰ্শৰ ভিতৰত ৫২টা পৰামৰ্শ ৰূপায়ণ কৰাটো ৰাজ্য চৰকাৰৰ ক্ষমতাৰ আওতাত পৰা হেতুকে অহা বছৰৰ এপ্ৰিলৰ ভিতৰত এই পৰামৰ্শসমূহ ৰূপায়ণ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে ইতিপূর্বে প্রকাশ কৰিছে। বাকী থকা ১৫টা পৰামৰ্শ সম্পূৰ্ণ ৰূপে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা হেতুকে এই সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে । আনহাতে মুখ্যমন্ত্ৰীয়ে কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি যোৰহাট-মাজুলী সংযোগী নির্মীয়মান দলঙৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে অনুৰোধ জনায়। তেওঁ দলংখনৰ কাম যথাসম্ভৱ সোনকালে আৰম্ভ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে মাজুলীবাসী ৰাইজক এই দলংখন সোনকালে সম্পূর্ণ হ’ব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে দলংখনৰ কাম কিছুদিন ধৰি বন্ধ হৈ থকাৰ সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অলপতে উদ্বেগ প্রকাশ কৰাৰ উপৰি শ্ৰীগাডকাৰীলৈ পত্রযোগে দলঙৰ কাম পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছিল।

অধিক পঢ়ক

সকলো চাওক