August 25, 2024 8:52 PM | Assam CM

printer

প্ৰতিটো ধৰ্ষণৰ ঘটনাক নিন্দা কৰাৰ লগতে সমাজৰ পৰা এনে জঘন্য অপৰাধ নির্মূল কৰাটো সামূহিক দায়িত্ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্ৰতিটো ধৰ্ষণৰ ঘটনাক নিন্দা কৰাৰ লগতে সমাজৰ পৰা এনে জঘন্য অপৰাধ নির্মূল কৰাটো সামূহিক দায়িত্ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যম এক্সত আজি এটি পোষ্টযোগে এই কথা প্ৰকাশ কৰি তেওঁ যোৱা ২৪টা বছৰত ৰাজ্যত সংঘটিত হোৱা ধৰ্ষণৰ তথ্য দাঙি ধৰে। প্ৰকাশিত তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাই মাহলৈ ৰাজ্যত ৫৮০টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। যোৱা বৰ্ষত ৯৮৯টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। এনে ধৰণৰ জঘন্য ঘটনা হ্ৰাস কৰাৰ লগতে মহিলাসকলৰ বাবে সুৰক্ষিত পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা আৰু দায়বদ্ধতা এই প্ৰতিবেদনৰ জৰিয়তে প্ৰতিফলিত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে সমাজত এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাটো সুনিশ্চিত কৰাৰ লগতে নিৰাপত্তা আৰু ন্যায়ৰ পৰিবেশ গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক