ভাৰতীয় ৰে’লৱেই প্ৰচণ্ড কুঁৱলীৰ ফলত ৰে’লপথৰ দৃশ্যমানতা কমি যোৱাৰ বাবে উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰতলৈ চলাচল কৰা কেইবাখনো ৰে’লগাড়ীৰ চলাচল বাতিল অথবা সময়ৰ সালসলনি ঘটাইছে। সেই অনুসৰি ডিব্ৰুগড় আৰু চণ্ডীগড়ৰ মাজত চলাচল কৰা চণ্ডীগড় এক্সপ্ৰেছ ৰে’লগাড়ী দুখন অহা ২৮ ফেব্ৰুৱাৰীলৈকে বাতিল কৰা হৈছে। সেইদৰে কামাখ্যা আৰু গয়াৰ মাজত চলাচল কৰা উজনিমুৱা আৰু নামনিমুৱা এক্সপ্ৰেছ ৰে’লগাড়ী দুখন প্রতি সোমবাৰ আৰু মঙলবাৰে বাতিল কৰা হৈছে। কামাখ্যা আৰু আনন্দ বিহাৰৰ মাজত চলাচল কৰা দুয়ো দিশৰ এক্সপ্ৰেছ ৰেলগাড়ী দুখন প্রতি বৃহস্পতি আৰু শুকুৰবাৰে ২৮ ফেব্ৰুৱাৰীলৈকে বাতিল কৰা হৈছে।
কামাখ্যা আৰু আনন্দ বিহাৰৰ মাজত চলাচল কৰা নৰ্থ-ইষ্ট এক্সপ্ৰেছ প্রতি সপ্তাহৰ শনিবাৰ আৰু বুধবাৰে বাতিল কৰা হৈছে। ডিব্ৰুগড় আৰু লালগড়ৰ মাজত চলাচল কৰা অবোধ আছাম এক্সপ্ৰেছ অহা ২২ ফেব্ৰুৱাৰীলৈকে প্ৰতি শনিবাৰে চলাচল বাতিল কৰা হৈছে। যাত্ৰী আৰু ৰে’ল সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰে’ল বিভাগৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে।
Site Admin | December 12, 2024 8:37 PM | Train Time Change