ভাৰতৰ প্ৰখ্যাত সংগীতজ্ঞ, চেৰ’ড মাষ্ট্ৰ’ আশীষ খানৰ মৃত্যু হৈছে। ৮৪ বছৰীয়া সংগীতজ্ঞজনে বৃহস্পতিবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। চেৰ’ড নামৰ বাদ্যযন্ত্ৰটোক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলা সংগীতজ্ঞ গৰাকীয়ে জর্জ হেৰিছন, এৰিক ক্লেপটন, ৰিংগো ষ্টাৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগীতজ্ঞৰ সৈতে অনুষ্ঠান পৰিবেশন কৰিছিল। ১৯৩৯ চনত মধ্যপ্ৰদেশৰ মাইহাৰত জন্মগ্ৰহণ কৰা খানে ওস্তাদ আল্লাউদ্দিন খানৰ লগতে পিতৃ ওস্তাদ আলী আকবৰ খান আৰু পেহীয়েক অন্নপূর্ণা দেৱীৰ অধীনত প্রশিক্ষণ লৈছিল। ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিশ্বব্যাপী জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
Site Admin | November 17, 2024 12:06 PM