প্রাক্তন প্রধানমন্ত্রী ড০ মনমোন সিঙৰ মৃত্যুত বিশ্বৰ বিভিন্ন নেতাই শোক প্ৰকাশ কৰিছে। মার্কিন ছেক্রেটেৰী অব ষ্টেট এণ্টনি ব্লিংকেনে প্রাক্তন প্রধানমন্ত্ৰী গৰাকীক ভাৰত-মার্কিন সম্পৰ্কৰ এগৰাকী প্ৰধান খনিকৰ বুলি উল্লেখ কৰে আৰু দুয়ো দেশৰ মাজত কৌশলগত সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত ড০ মনমোহন সিঙৰ ভূমিকাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ড০ সিঙে সূচনা কৰা ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ বাবেই দেশখনৰ অৰ্থনৈতিক প্রগতি ত্বৰান্বিত হৈছিল বুলিও ব্লিংকেনে মন্তব্য কৰে। ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলা-দি ছিলভাই তেওঁৰ শোকবার্তাত ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্রিকাক অন্তর্ভুক্ত কৰি ব্ৰিক্ছ গোষ্ঠী গঠনত ড০ মনমোহন সিঙৰ ভূমিকাৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ভাৰত আৰু ব্ৰাজিলৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক সুদৃঢ় কৰাত ড০ সিঙৰ অৰিহণা ব্ৰাজিল বাসীয়ে সদায়ে মনত ৰাখিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ শোকবাণীত উল্লেখ কৰে ।
আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰ্জাই, মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদ, নেপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ আৰ্দ্ৰ ৰানা দেউবা আৰু কেইবাখনো দেশৰ নতুন দিল্লীস্থিত ৰাষ্ট্রদূত কেইগৰাকীয়েও ড০ মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
Site Admin | December 27, 2024 5:41 PM | Global Leaders Tribute
প্রাক্তন প্রধানমন্ত্রী ড০ মনমোন সিঙৰ মৃত্যুত বিশ্বৰ বিভিন্ন নেতাৰ শোক প্ৰকাশ
