কংগ্ৰেছে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ মৃত্যুক লৈ ৰাজনীতি কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অভিযোগ তুলিছে। শ্রী নাড্ডাই কালি এটা বিবৃতি যোগে কয়, যে কংগ্ৰেছে ৰাজনৈতিক মুনাফাৰ বাবে ড০ মনমোহন সিঙৰ নাম ব্যৱহাৰ কৰি আছে।
সভাপতিগৰাকীয়ে কয়, যে এন ডি এ চৰকাৰে দেশৰ সকলো প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰধানমন্ত্রী সংগ্ৰহালয় স্থাপন কৰিছে। তেওঁ লগতে কংগ্ৰেছে অকল নিজৰ পৰিয়ালৰ সদস্যসকলৰ বাবে স্মাৰক নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ কৰি আহিছে বুলি অভিযোগ তোলে।
Site Admin | December 29, 2024 11:53 AM | JP Nadda