March 31, 2024 6:39 PM | Bharat Ratna

printer

প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে বর্ষিয়ান নেতাগৰাকীৰ বাসগৃহলৈ গৈ তেওঁক এই সন্মানেৰে বিভূষিত কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্রাক্তন উপৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু আদৱানীৰ পৰিয়ালৰ সদস্যসকল এই অনুষ্ঠানত উপস্থিত থাকে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰতীয় ৰাজনীতিত লালকৃষ্ণ আদৱানীয়ে ৭ দশকৰো অধিক সময় ধৰি অদম্য নিষ্ঠা আৰু অসাধাৰণ দক্ষতাৰে দেশৰ সেৱা কৰি আহিছে। ১৯২৭ চনত কৰাচিত জন্ম গ্রহণ কৰা শ্ৰীআদৱানী ১৯৪৭ চনত বিভাজনৰ সময়ত ভাৰতলৈ আহিছিল। সাংস্কৃতিক জাতিয়তাবাদৰ দৃষ্টিভংগীৰে আদৱানীয়ে সমগ্ৰ দেশতে দশক দশক ধৰি কঠোৰ পৰিশ্ৰম কৰি অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰিৱৰ্তন সাধনত অৰিহণা যোগাইছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কৈছে যে, যেতিয়া জৰুৰীকালিন অৱস্থাই দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল সেই সময়ত আদৱানীৰ দৰে অদম্য যোদ্ধাই স্বৈৰাচাৰী শক্তিৰ পৰা ৰক্ষা কৰাত সহায় কৰিছিল। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতিয়ে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত প্ৰাক্তন প্রধানমন্ত্ৰী চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিমহা ৰাওৰ লগতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু যশস্বী বিজ্ঞানী এম এছ স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰে। সন্মান প্ৰাপকৰ পৰিয়ালৰ লোকে ভাৰত ৰত্ন সন্মান গ্রহণ কৰে। ভাৰত ৰত্ন দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। অসাধাৰণ আৰু উল্লেখনীয় সেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয় ।

অধিক পঢ়ক

সকলো চাওক