October 9, 2024 5:56 PM | India | UNFPA

printer

প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিয়ে প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি দিছে। নতুন দিল্লীত প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাত ভাৰতৰ নেতৃত্বক সন্মান জনাই UNFPAৰ কাৰ্যবাহী সঞ্চালিকা ডাঃ নাটালিয়া কানেমে মহিলাৰ স্বাস্থ্য আৰু সুস্থতাৰ দিশত ভাৰতৰ সৈতে অংশীদাৰিত্বৰ বাবে ইউএনএফপিএ-ৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে। ড° কানেমে ২০০০ চনৰ পৰা ২০২০ চনৰ ভিতৰত প্ৰসূতি মৃত্যুৰ অনুপাত (এমএমআৰ) ৭০% হ্ৰাস কৰি ২০৩০ চনৰ পূৰ্বেই ৭০ৰ তলৰ এই অনুপাতৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) ত দেশখনক উপনীত হোৱাত ভাৰতক প্ৰশংসা কৰে।এই উল্লেখযোগ্য অগ্রগতিয়ে দেশজুৰি হাজাৰ হাজাৰ মহিলাৰ জীৱন ৰক্ষা কৰিছে, বিশেষকৈ প্ৰান্তীয় সম্প্ৰদায়ৰ মহিলাসকলৰ। কানেমে কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্রীবাস্তৱক এখন ফলক আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনায়।

অধিক পঢ়ক

সকলো চাওক