প্রসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আকাশবাণীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰিছে

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ দেহাৱসান, ২০২২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান, অসম চৰকাৰৰ নিযুত মইনা আঁচনিৰ অধীনত আর্থিক অনুদান বিতৰণৰ শুভাৰম্ভকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। তদুপৰি শাৰদীয় দুর্গা পূজা উদযাপনৰ বিভিন্ন বা-বাতৰি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ বাতৰিও আঞ্চলিক বাতৰিত গুৰুত্বসহকাৰে প্ৰচাৰ কৰা হয়৷ যোৱা ৯ অক্টোবৰৰ নিশা প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। তেওঁ যোৱা কিছুদিন ধৰি এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল। টাটা ছন্সৰ অধ্যক্ষ এম চন্দ্ৰশেখৰনে এটা বিবৃতি যোগে ৰতন টাটাৰ মৃত্যুৰ কথা নিশ্চিত কৰে। প্ৰয়াত টাটাই ১৯৬২ চনত টাটা গোটত যোগদান কৰিছিল। গোটৰ বিভিন্ন কোম্পানীত সেৱা আগবঢ়োৱাৰ পাছত তেওঁক ১৯৭১ চনত নেচনেল ৰেডিঅ’ এণ্ড ইলেকট্ৰনিকছ কোম্পানী লিমিটেডৰ মুৰববী হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৮১ চনত তেওঁক টাটা ইণ্ডাষ্ট্রিজৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল। তেওঁ ১৯৯১ চনৰ পৰা ২০১২ চনৰ ১২ ডিচেম্বৰ পৰ্যন্ত টাটা ছন্সৰ অধ্যক্ষ আছিল। ২০১২ চনৰ ২৯ ডিচেম্বৰত ৰতন টাটাক টাটা ছন্স, টাটা ইণ্ডাষ্ট্রিজ, টাটা মটৰছ, টাটা ষ্টিল আৰু টাটা কেমিকেলছৰ আজীৱন অধ্যক্ষৰ উপাধিৰে সন্মানিত কৰা হৈছিল ৷ ভাৰতৰ সবাতোকৈ প্ৰসিদ্ধ উদ্যোগপতিসকলৰ অন্যতম ৰতন টাটাই ২ দশকৰো অধিক সময় ধৰি টাট ছন্সৰ অধ্যক্ষ হিচাপে কাম কৰিছিল। তেওঁ টাটা ন্যাসৰ জৰিয়তে লোকহিতৈষী অনেক কামত ভাগ লৈছিল। তেওঁক ২০০০ চনত পদ্মভূষণ আৰু ২০০৮ চনত পদ্মবিভূষণসহ অনেক সন্মানেৰে বিভূষিত কৰা হৈছিল৷

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যোৱা ৮ অক্টোবৰত নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ ছেট্রিক শ্রেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হয়। লগতে নিত্যা মেননক তামিল ছবি তিৰুচিত্রাম্বলমত আৰু মানসী পাৰেখক গুজৰাটী ছবি কাটছ্ এক্সপ্ৰেছত কৰা মননশীল অভিনয়ৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়।
আনহাতে, কুলনন্দিনী মহন্ত পৰিচালিত অসমীয়া চিনেমা এমুঠি পুঠিলৈ ৰজত কমল বঁটা আগবঢ়োৱা হয়। ইপিনে পুনিয়ান ছেলভন-১, কে জিএফ-২, ব্রহ্মাস্ত্র, অপৰাজিত, কাবেৰী, অন্তর্ধান, দমন আৰু বাঘি দি ধি চলচ্চিত্র কেইখনকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হয়৷

অধিক পঢ়ক

সকলো চাওক