প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ প্ৰতি শেষ শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে অগণন লোকৰ সমাগম

মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ এন চি পি এ-ত প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ প্ৰতি শেষ শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে অগণন লোকৰ সমাগম ঘটিছে। মুম্বাইৰ এখন এখন ব্যক্তিগত হাস্পতালত কালি ৮৬ বছৰ বয়সত ৰতন টাটাই শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃতদেহ এন চি পি এ-ৰ চৌহদত বিয়লি চাৰে চাৰি বজালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৰখা হ’ব। আজি সন্ধিয়া ৱৰ্লিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। এই উদ্দেশ্যে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। প্রধানমন্ত্ৰীয়ে ৰতন টাটাৰ ভাতৃ নৱেল টাটাৰ সৈতেও আজি পুৱা কথা-বতৰা হয়। গৃহমন্ত্রী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰতন টাটাৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব। মহাৰাষ্ট্ৰ চৰকাৰে প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আজি ৰাজ্যিক শোকৰ দিন হিচাপে ঘোষণা কৰিছে। ৰাজ্যখনত লগতে আজিৰ দিনটোৰ বাবে সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে।
২০১২ চনৰ ২৯ ডিচেম্বৰত ৰতন টাটাক টাটা ছন্স, টাটা ইণ্ডাষ্ট্রিজ, টাটা মটছ, টাটা ষ্টিল আৰু টাটা কেমিকেলছৰ আজীৱন অধ্যক্ষৰ উপাধিৰে সন্মানিত কৰা হৈছিল। ভাৰতৰ সবাতোকৈ প্ৰসিদ্ধ উদ্যোগপতিসকলৰ অন্যতম ৰতন টাটাই ২ দশকৰো অধিক সময় ধৰি টাট ছন্সৰ অধ্যক্ষ হিচাপে কাম কৰিছিল। তেওঁ টাটা ন্যাসৰ জৰিয়তে লোকহিতৈষী অনেক কামত ভাগ লৈছিল। তেওঁক ২০০০ চনত পদ্মভূষণ আৰু ২০০৮ চনত পদ্মবিভূষণসহ অনেক সন্মানেৰে বিভূষিত কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক