October 10, 2024 11:53 AM | Ratan Tata Death

printer

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ দেহাৱসান

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ যোৱানিশা মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। তেওঁ যোৱা কিছুদিন ধৰি এখন ব্যক্তিগত হাস্পতালত চিকিৎ‍সাধীন হৈ আছিল। টাটা ছন্সৰ অধ্যক্ষ এম চন্দ্ৰশেখৰনে এটা বিবৃতি যোগে ৰতন টাটাৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। প্ৰয়াত টাটাই ১৯৬২ চনত টাটা গোটত যোগদান কৰিছিল। গোটৰ বিভিন্ন কোম্পানীত সেৱা আগবঢ়োৱাৰ পাছত তেওঁক ১৯৭১ চনত নেচনেল ৰেডিঅ’ এণ্ড ইলেকট্রনিকছ কোম্পানী লিমিটেডৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৮১ চনত তেওঁক টাটা ইণ্ডাষ্ট্রিজৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল। তেওঁ ১৯৯১ চনৰ পৰা ২০১২ চনৰ ১২ ডিচেম্বৰ পৰ্যন্ত টাটা ছন্সৰ অধ্যক্ষ আছিল। ২০১২ চনৰ ২৯ ডিচেম্বৰত ৰতন টাটাক টাটা ছন্স, টাটা ইণ্ডাষ্ট্রিজ, টাটা মটৰ্ছ, টাটা ষ্টীল আৰু টাটা কেমিকেলছৰ আজীৱন অধ্যক্ষৰ উপাধিৰে সন্মানিত কৰা হৈছিল। ভাৰতৰ সবাতোকৈ প্ৰসিদ্ধ উদ্যোগপতিসকলৰ অন্যতম ৰতন টাটাই ২ দশকৰো অধিক সময় ধৰি টাট ছন্সৰ অধ্যক্ষ হিচাপে কাম কৰিছিল। তেওঁ টাটা ন্যাসৰ জৰিয়তে লোকহিতৈষী অনেক কামত ভাগ লৈছিল । তেওঁক ২০০০ চনত পদ্মভূষণ আৰু ২০০৮ চনত পদ্মবিভূষণসহ অনেক সন্মানেৰে বিভূষিত কৰা হৈছিল ৷ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুরে সামাজিক মাধ্যম যোগে দিয়া এটা শোকবার্তাত কৈছে যে, ৰতন টাটাৰ বিয়োগত দেশে ঔদ্যোগিক বিকাশত ৰাষ্ট্ৰ নিৰ্মাণ আৰু উৎকৃষ্টতাক নৈতিকতাৰ সৈতে সংযোজিত কৰা এগৰাকী মহান ব্যক্তিক হেৰুৱালে। তেওঁ কয় যে, ৰতন টাটাই টাটাৰ মহান ঐতিহ্যক আগুৱাই লৈ গৈছিল আৰু ইয়াক সমগ্ৰ বিশ্বত অধিক কাৰ্যকৰী কৰি তুলিছিল। ৰতন টাটাই ব্যৱসায়ী আৰু যুৱ বিদ্যাৰ্থীসকলক সমানেই অনুপ্ৰাণিত কৰি আহিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে । উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নিজৰ শোকবার্তাত কয় যে, ৰতন টাটাৰ বিয়োগে তেওঁ ব্যথিত কৰি তুলিছে। তেওঁ কয় যে, ৰতন টাটা ভাৰতীয় উদ্যোগ জগতৰ মহান ব্যক্তি আছিল আৰু এখন আত্মনিৰ্ভৰ ভাৰতবৰ্ষ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদান দেশ-বিদেশৰ উদ্যোগপতিসকলৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে কয় যে, ৰতন টাটাৰ মৃত্যুয়ে তেওঁক দুঃখিত কৰিছে। ৰতন টাটাৰ সৈতে হোৱা কথোপকথনৰ কথা স্মৰণ কৰি শ্ৰীমোদীয়ে কয় যে, তেওঁৰ দৃষ্টিভংগী অতিকে বিশাল আছিল৷ শ্রীমোদীয়ে কয় যে, ৰতন টাটাৰ কিবা এটা ডাঙৰ কৰা আৰু সমাজক ঘূৰাই দিয়াৰ অপাৰ আগ্ৰহ আছিল। টাটাই শিক্ষা, স্বাস্থ্যসেৱা, অনাময় আৰু পশুধনৰ কল্যাণৰ লেখীয়া ক্ষেত্ৰসমূহত অগ্রণী ভূমিকা পালন কৰি থৈ গৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ৰতন টাটাই ভাৰতৰ সবাতোকৈ পুৰণি আৰু প্ৰতিষ্ঠিত ব্যৱসায়িক গোষ্ঠীক সুস্থিৰ নেতৃত্ব প্ৰদান কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহেও ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰিছে। শ্ৰীশ্বাহে সামাজিক মাধ্যম যোগে কৈছে যে, ৰতন টাটাই দেশৰ উন্নয়নৰ বাবে নিঃস্বাৰ্থভাৱে জীৱন উৎসৰ্গা কৰি থৈ গৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ যেতিয়াই টাটাক দেখা কৰিছিল তেতিয়াই তেওঁৰ মাজত দেশ আৰু জনসাধাৰণৰ উন্নয়নৰ বাবে কিবা এটা কৰাৰ উৎসাহ-উদ্দীপনা দেখা পাইছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা শোকবার্তাত কৈছে যে, ৰতন টাটা অর্থ ব্যৱস্থাৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব ৷ মহাৰাষ্ট্ৰ মুখ্যমন্ত্রী একনাথ সিন্দে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰেও ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক