প্রবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ আজি পুৱা মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বিশিষ্ট ব্যক্তিসকলে প্রসিদ্ধ অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বলিউদৰ কিংবদন্তি অভিনেতাগৰাকী তেওঁৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ বাবে ভাৰত কুমাৰ নামেৰে জনাজাত আছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মান আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল। মনোজ কুমাৰে বলিউদত দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ এটা নতুন ধাৰা সৃষ্টি কৰিছিল আৰু উপকাৰ, পূৰৱ ঔৰ পশ্চিম আৰু ক্ৰান্তিৰ লেখীয়া কালজয়ী কথাছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল। অভিনেতাগৰাকীৰ আন চলচ্চিত্ৰসমূহৰ ভিতৰত পথৰ কে চনম, চৌৰ, সন্ন্যাসী আৰু ৰ’টি কপড়া ঔৰ মকান অন্যতম।
Site Admin | April 4, 2025 5:55 PM | Indian Film | manoj-kumar-dies
প্রবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ দেহাৱসান
