প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০০১ চনৰ আজিৰ দিনটোতেই শ্রী মোদীয়ে প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ উদ্যমসমূহৰ পৰা অনুপ্ৰাণিত হৈ কেন্দ্ৰত এন ডি এ চৰকাৰে ভালেমান কল্যাণমূলক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। প্ৰায়েই গুজৰাট মডেল হিচাপে নামকৰণ কৰা এই পদক্ষেপসমূহ জল সংৰক্ষণ, গছপুলি ৰোপণ অভিযান, সংবিধান উদযাপন, থলুৱা উৎপাদিত সামগ্ৰীসমূহৰ বিকাশ তথা ক্রীড়া সংস্কৃতি উৎসাহিত কৰা আদি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত। শ্ৰী মোদীয়ে শাসনৰ ক্ষেত্ৰত জন ভাগদাৰী অথবা জনসাধাৰণৰ অংশগ্ৰহণত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। ২০০৪ চনত উত্তৰ গুজৰাটৰ পানীৰ অভাৱ থকা অঞ্চলসমূহৰ বাবে মুকলি কৰা সুজলম-সুফলম জল অভিযানৰ অভিজ্ঞতাসমূহৰ পৰা অনুপ্ৰাণিত হৈয়েই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহু চৰ্চিত জল জীৱন অভিযান আৰম্ভ কৰা হৈছিল। ইয়াৰ জৰিয়তে গুজৰাটৰ জনসাধাৰণৰ জল সমস্যা দূৰীকৰণৰ উদ্দেশ্যে নমদা নৈৰ পানী গুজৰাটলৈ বোৱাই অনাৰ লগতে নৈ সমূহৰ মাজত আন্তঃ সংযোগ বৃদ্ধি কৰা আৰু বৰষুণৰ পানী সংৰক্ষণত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি অহা হৈছে।
Site Admin | October 7, 2024 2:22 PM | BJP Gujrat | narendra modi | Narendra Modi X | PMO India