প্রধানমন্ত্ৰী মোদীয়ে বিয়লি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কুৰুক্ষেত্ৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুৰুক্ষেত্ৰৰ থেম পাৰ্কত এখন নির্বাচনী সভাত ভাষণ দিব। এইখন হৈছে হাৰিয়ানাত প্রধানমন্ত্ৰীৰ প্ৰথমখন নির্বাচনী সভা। মুঠ ৯০খন আসন বিশিষ্ট হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন ৫ অক্টোবৰত অনুষ্ঠিত হ’ব আৰু ৮ অক্টোবৰত ভোটগণনা কৰা হ’ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ২০১৪ চনত প্ৰথমবাৰৰ বাবে হাৰিয়ানাৰ ক্ষমতালৈ অহা বিজেপিয়ে তৃতীয়টো কাৰ্য্যকালৰ বাবে এইবাৰ ক্ষমতা দখলৰ যুজত অৱতীৰ্ণ হ’ব। প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ জৰিয়তে দলটোৱে কেৱল কুৰুক্ষেত্ৰই নহয়, বৰং কাষৰীয়া কাৰনাল, আমবালা, কাইথাল আৰু যমুনা নগৰ জিলাৰ নির্বাচনী পৰিবেশতো প্ৰভাৱ বিস্তাৰ চেষ্টা কৰিছে। বিজেপিয়ে উন্নয়নমূলক কাম আৰু সু-শাসনৰ ভিত্তিত ভোটদাতাক আকৰ্ষণ কৰাৰ চেষ্টা কৰাৰ বিপৰীতে কংগ্ৰেছে শাসনাধিস্থিত দলৰ বিৰুদ্ধে কৃষকৰ সমস্যা আৰু নিৱনুৱা সমস্যাক জনতাৰ সন্মুখত তুলি ধৰাৰ যত্ন কৰিছে। কুৰুক্ষেত্ৰ সংসদীয় সমষ্টিত বিধানসভাৰ ৯টা সমষ্টি আছে। মুখ্যমন্ত্রী নায়াব সিং চাইনীয়ে লড়ৱা সমষ্টিত প্ৰতিদন্দ্বিতা কৰিছে। এই সমষ্টিত কংগ্ৰেছে মেৱা সিঙক আৰু আম আদমী পার্টীয়ে যোগা সিঙক প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছে। অনাগত দিনত ৰাজ্যখনত কংগ্ৰেছ, বিজেপি, আম আদমী পাৰ্টী, আই এ এল ডি, জে জে পি আৰু অন্যান্য দলৰ নেতাসকলে নির্বাচনী প্ৰচাৰ চলাব।

অধিক পঢ়ক

সকলো চাওক