ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী মোদীয়ে এদিনৰ বাবে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্ট অনুপ্ৰেৰণাদায়ক নাৰীসকলৰ হাতত অৰ্পণ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আজি এদিনৰ বাবে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্ট অনুপ্ৰেৰণাদায়ক নাৰীসকলৰ হাতত অৰ্পণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে আজি পুৱাৰেপৰা তেওঁৰ একাউণ্টৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত অতুলনীয় সাফল্য লাভ কৰা নাৰীসকলে আন নাৰীক প্ৰভাৱিত কৰিব পৰাকৈ তেওঁলোকৰ অভিজ্ঞতাৰ কথা প্ৰচাৰ কৰিছে। এই মহিলাসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোক দক্ষতাপূৰ্ণ বুলি উল্লেখ কৰি শ্রীমোডীয়ে কয়, যে তেওঁলোক ভাৰতৰ নাৰী শক্তিৰ প্ৰতীক হিচাপে উদ্ভাসিত হৈ উঠিছে। তেওঁ কয়, যে এই সকল নাৰীৰ দৃঢ়তা আৰু সাফল্যই সকলোকে নাৰীৰ মাজত অন্তর্হিত হৈ থকা অসীম শক্তিৰ কথা মনত পেলাই দিয়ে। বিকশিত ভাৰতৰ জৰিয়তে দেশে এইসকল নাৰীৰ অৱদানক ৰোমন্থন কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে।
প্রধানমন্ত্ৰীৰ এক্স হেণ্ডেলৰ জৰিয়তে সমৰ্থৰ্মৰ প্ৰতিষ্ঠাতা অঞ্জলি আগৰৱালাই কয়, যে তেওঁ ৰূপান্তৰৰ এটা ফিৰিঙতি হ’ব খোজে আৰু কামত প্ৰবৃত্ত হ’ব খোজে। তেওঁ সুগম্য ভাৰতক শক্তিশালী কৰাৰ বাবে সকলোকে আহ্বান জনাই আৰু ইয়াক বিকশিত ভাৰতত উপনীত হোৱাৰ অন্যতম গুৰুত্বপূৰ্ণ মাধ্যমত পৰিণত কৰাত গুৰুত্ব দিয়ে। তেওঁ লগতে কয়, যে প্ৰতিগৰাকী মহিলাই মর্যাদা সহকাৰে আৰু স্বাধীনভাবে জীৱন উদযাপন কৰাটো নিশ্চিত হোৱা উচিত।
সামাজিক উদ্যমী আজাইটা শ্বাহে কয়, যে ভাৰতে নাৰীৰ আৰ্থিক সবলীকৰণত নেতৃত্ব গ্রহণ কৰিছে। তেওঁ কয়, যে আর্থিকভাৱে সবল এগৰাকী নাৰী নিজৰ ভৱিষ্যত গঢ়োতা হৈ উঠাৰ উপৰি সিদ্ধান্ত গ্ৰহণ আৰু স্বাধীন চিন্তাৰে আধুনিক ভাৰতৰ একোগৰাকী নিমাৰ্তা হৈ উঠিব পাৰে।
পাৰমাণৱিক বিজ্ঞানী এলিনা মিশ্ৰ আৰু মহাকাশ বিজ্ঞানী শিল্পী ছোনিয়েও তেওঁলোকৰ নিজৰ নিজৰ অভিজ্ঞতা প্রধানমন্ত্ৰীৰ সামাজিক মাধ্যমৰ জৰিয়তে ব্যক্ত কৰে।

অধিক পঢ়ক

সকলো চাওক