ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছেঃ ৰিজিজু

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছে। লোকসভাত চলি থকা সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা বিষয়ক দুদিনীয়া আলোচনাত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। কালিৰে পৰা অনুষ্ঠিত এই আলোচনাত ভাগ লৈ মন্ত্ৰী ৰিজিজুৱে সংবিধান প্রণেতা ড০ ভীমৰাও আম্বেদকাৰৰ অৱদানৰ কথা সোঁৱৰে। তেওঁ কয় যে স্বাধীনতাৰ পাছত দেশত সকলোৱে সমান অধিকাৰ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল দেশত কোনোধৰণৰ বৈষম্যৰ বলি হোৱা নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকক দেশত আইনী সুৰক্ষা প্ৰদান কৰা হৈছে। তেওঁ উল্লেখ কৰে যে দেশৰ ৬ টা সংখ্যালঘু সম্প্ৰদায়ৰ কল্যানৰ বাবে ভালেমান আঁচনি ৰূপায়ণ কৰা হৈছে। জনসাধাৰণে নিজৰ দেশৰ বিষয়ে মন্তব্য আগবঢ়োৱাৰ ক্ষেত্ৰত সাবধান হোৱাত গুৰুত্ব দি শ্ৰী ৰিজিজুৱে কয যে এনেধৰণৰ মন্তব্যই বিশ্বৰ সন্মুখত দেশৰ ভাৱমূৰ্তি ম্লান কৰে। লোকসভাত অহা সোমবাৰে এক দেশ এক নির্বাচন” সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ’ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। শেহতীয়াকৈ, চৰকাৰে সমগ্ৰ দেশতে একে সময়তে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে এক দেশ এক নির্বাচন ব্যৱস্থা সন্দৰ্ভত বিচাৰ বিবেচনাৰ বাবে গঠন হোৱা উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হোৱা এই উচ্চ পর্যায়ৰ সমিতিখনে ৰাজনৈতিক দলৰ নেতা আৰু বিশেষজ্ঞসকলকে ধৰি অন্যান্য অংশীদাৰীসকলৰ সৈতে এই সন্দৰ্ভত বৃস্তিতভাৱে আলোচনা কৰে। এক দেশ এক নির্বাচন ব্যৱস্থা দুটা পৰ্যায়ত ৰূপায়ণ কৰা ৰূপায়ণ কৰা হ’ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নির্বাচন একেলগে অনুষ্ঠিত হোৱাৰ বিপৰীতে পঞ্চায়ত আৰু পৌৰসভাৰ দৰে স্থানীয় নিকায়সমূহৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক