প্রধানমন্ত্ৰী মোদীয়ে দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। বিজেপিয়ে নতুন সদস্য ভর্তি আৰু দলটোৰ বৰ্তমানৰ সদস্যসকলক পুনৰ নবীকৰণ কৰাৰ লক্ষ্যৰে এই অভিযান হাতত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্য নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণ কৰিব। আজিৰ পৰা অহা ১০ নৱেম্বৰলৈকে বিভিন্ন পর্যায়ত এই অভিযান চলোৱা হ’ব। সদস্য ভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত সামৰণি পৰিব। আমাৰ সংবাদদাতাই জানিবলৈ দিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্র দেশত কমেও ১০ কোটি নতুন সদস্য ভৰ্তিৰ অভিযানৰ লক্ষ্য নির্ধাৰণ কৰিছে। জনসাধাৰণে মিছড কল অথবা দলৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল মঞ্চৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক