প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শান্তিপূর্ণ, সমৃদ্ধিশালী, সুশৃংখলিত আৰু নিৰাপদ বিমস্টেক অঞ্চলৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰি আৰ্থ-সামাজিক বিকাশৰ চালিকা শক্তি হিচাপে বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যম বিমস্টেকৰ ভূমিকাত গুৰুত্ব আৰোপ কৰিছে। বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । প্রধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ সৈতে যোগাযোগ, শক্তি, বাণিজ্য, স্বাস্থ্য, কৃষি, বিজ্ঞান, সুৰক্ষা আৰু অঞ্চলটোৰ জনসাধাৰণৰ মাজত বিনিময়কে ধৰি বিভিন্ন ক্ষেত্ৰত আঞ্চলিক সহযোগিতা সুদৃঢ় কৰাৰ বিষয়ে ফলপ্রসূ আলোচনাত মিলিত হয়। শ্রীমোদীয়ে ভাৰতৰ প্ৰতিৱেশী প্রথম, লুক-ইষ্ট নীতি তথা সাগৰ দৃষ্টিভংগীত বিমষ্টেকৰ গুৰুত্বত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ছেপ্তেম্বৰত হ’বলগীয়া আসন্ন বিমষ্টেক শীর্ষ সন্মিলনৰ বাবে থাইলেণ্ডলৈ ভাৰতৰ পূৰ্ণ সমর্থন প্রকাশ কৰে।
Site Admin | July 12, 2024 8:19 PM