প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিয়েনা ভ্রমণক অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাম্মেৰে কালি “বিশেষ সন্মান” বুলি অভিহিত কৰি কয় যে তেওঁ ইয়াৰ বাবে আগ্ৰহেৰে বাট চাই আছে। প্রধানমন্ত্রী মোডীয়ে ৯ জুলাইত মস্কোৰ পৰা অষ্ট্ৰিয়াত উপস্থিত হোৱাৰ কথা। শুকুৰবাৰে বৈদেশিক সচিব বিনয় কোৱাট্রাই আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তি, উচ্চ প্ৰযুক্তিৰ ক্ষেত্র, ষ্টাৰ্ট-আপ খণ্ড, সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে অষ্ট্ৰিয়াক উৎকৃষ্ট সুযোগ প্ৰদান কৰা “গুৰুত্বপূৰ্ণ মধ্য ইউৰোপীয় দেশ” বুলি অভিহিত কৰে। তেওঁ ভাৰত-অষ্ট্ৰিয়াৰ বাণিজ্য আৰু বিনিয়োগৰ ক্ৰমবৰ্ধমান সম্পৰ্কৰ ওপৰতো আলোকপাত কৰে। ভাৰত আৰু অষ্ট্ৰিয়াই যোৱা বছৰৰ মে’ মাহত প্ৰব্ৰজন আৰু গতিশীলতাৰ এখন চুক্তি স্বাক্ষৰ কৰিছিল আৰু দুয়োখন দেশেই দ্বিপাক্ষিক অংশীদাৰিত্বৰ নতুন ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু অন্বেষণৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি আছে।
Site Admin | July 7, 2024 12:05 PM | PM Modi Austria Visit