June 18, 2024 11:26 AM | PM Modi

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব। তাত তেওঁ দেশৰ প্ৰায় ৯ কোটি ২৬ লাখ কৃষকলৈ পি এম কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তিৰ ২০ হাজাৰ কোটি টকাতকৈও অধিক ধনৰাশি আনুষ্ঠানিকভাৱে মোকলাই দিব। তৃতীয়বাৰৰ বাবে জনসাধাৰণৰ অন্তৰ জয় কৰা প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সমগ্ৰ কাশী চহৰখনে আগ্ৰহেৰে বাট চাই আছে। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত এয়া হ’ব শ্ৰীমোদীৰ প্ৰথমটো বাৰাণসী ভ্ৰমণ। আজি সন্ধিয়া কাশীত উপস্থিত হোৱাৰ পাছত তেওঁ বাৰাণসীৰ মেহন্দিগঞ্জত আয়োজিত পি এম কিষাণ সম্মান সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত প্রধানমন্ত্রী মোদীয়ে কিছু সংখ্যক কৃষকক সাক্ষাৎ কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে পর্যালোচনা কৰাৰ কথা আছে। তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে তেওঁ স্বাক্ষৰ কৰা প্ৰথমটো ফাইলৰ জৰিয়তে পি এম কিষাণ নিধিৰ সপ্তদশ কিস্তি মোকলাই দিয়াটোৱে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰৰ দায়বদ্ধতাকে প্রতিফলিত কৰিছে আৰু প্ৰধানমন্ত্ৰী হিচাপে এইবাৰৰ প্রথমখন বৃহৎ জনসভাত কৃষকসকলৰ বিষয়সমূহৰ ওপৰতেই বিশেষভাৱে আলোকপাত কৰা হৈছে। আজিৰ এই কাৰ্যসূচীতেই প্রধানমন্ত্রীয়ে বিভিন্ন আত্মসহায়ক গোটৰ ৩০ হাজাৰৰো অধিক মহিলাক কৃষি সখী হিচাপে প্ৰমাণপত্ৰ প্ৰদান কৰিব। প্রধানমন্ত্ৰীয়ে দশশ্বামেধ ঘাটত গংগা আৰতিত ভাগ লোৱাৰো কথা আছে। ইয়াৰ পাছত তেওঁ কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা আগবঢ়াব। আজি নিশাটো তেওঁৰ সংসদীয় সমষ্টিতে কটাই প্রধানমন্ত্ৰী কাইলৈ পুৱা তাৰ পৰা ৰাওনা হ’ব।

অধিক পঢ়ক

সকলো চাওক