ডাউনলোড
মোবাইল এপ

android apple
signal

April 13, 2025 8:08 PM | Amit Shah

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্রশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্রশংসা কৰে। ভূপালত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমবায় সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰাম্য উন্নয়ন, কৃষি আৰু পশুপালনক একত্ৰিত কৰাত চৰকাৰে কেনে ভূমিকা গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো আলোকপাত কৰে। সমবায় নীতিসমূহ মানসম্পন্ন কৰি তোলাৰ লগতে অন্যান্য ৰাজ্যত আদর্শ উপনিয়ম সৃষ্টি কৰাত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাতো শ্রীশ্বাহে আলোকপাত কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এই প্রয়াসে সমবায় খণ্ডক উজ্জ্বীবিত কৰিছে। শ্ৰীশ্বাহে প্রাথমিক কৃষি ঋণ সমিতিৰ বৰ্ধিত ভূমিকাৰ কথা উল্লেখ কৰি কয় যে ২০খনতকৈও অধিক ৰাজ্যত এই সমিতিয়ে কাম কৰি আছে। তেওঁ কয় যে এই সমিতিয়ে কৃষি বিত্তৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ লগতে ঔষধ বিক্ৰী আৰু পানীৰ বিতৰণ প্ৰক্ৰিয়াকো সামৰি লৈছে। মধ্য প্ৰদেশ দুগ্ধ সমবায় আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোর্ডৰ মাজত সম্পন্ন চুক্তি মর্মে উৎপাদন ৬ হাজাৰৰ পৰা ৯ হাজাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এই সন্মিলনত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে অধ্যক্ষতা কৰে। মধ্য প্ৰদেশৰ সমবায় মন্ত্ৰী বিশ্বাস সাৰাংগ, পশুপালন মন্ত্রী লখন পেটেল আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক