ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ দুদিনীয়া মৰিছাচ ভ্রমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে মৰিছাচলৈ যাব। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিদেশ সচিব বিক্রম মিশ্রীয়ে কয়, যে এয়া হ’ব ২০১৫ চনৰ পাছত প্রধানমন্ত্রী মোদীৰ প্ৰথম মৰিছাচ ভ্ৰমণ। কেইবা শতিকাধৰি উমৈহতীয়া ইতিহাস, সংস্কৃতি আৰু জনসম্পৰ্কৰ ভিত্তিত মৰিছাচ সৈতে ভাৰতৰ ঘনিষ্ঠ সম্পর্ক আছে বুলি বিদেশ সচিবগৰাকীয়ে উল্লেখ কৰে। শ্ৰী মিশ্ৰীয়ে মৰিছাচক ভাৰত মহাসাগৰ অঞ্চলত ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী আৰু ঘনিষ্ঠ সামুদ্রিক প্রতিবেশী বুলি অভিহিত কৰে। তেওঁ কয়, যে প্রধানমন্ত্রী মোদীয়ে ২০১৫ চনত অঞ্চলটোৰ সকলোৰে সুৰক্ষা আৰু বিকাশৰ লক্ষ্যৰে মৰিছাচতে সাগৰ দৃষ্টিভংগীৰ কথা প্ৰকাশ কৰিছিল। এই দৃষ্টিভংগীয়ে ভাৰত মহাসাগৰ অঞ্চলৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা সূচায় বুলি শ্ৰী মিশ্ৰীয়ে উল্লেখ কৰে। মৰিছাচৰ সৈতে থকা ভাৰতৰ শক্তিশালী উন্নয়ন সহযোগিতাৰ বিষয়ে উল্লেখ কৰি বিদেশ সচিবগৰাকীয়ে কয়, যে যোৱা এটা দশকত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ হৈ উঠিছে। প্রধানমন্ত্ৰীৰ আসন্ন ভ্রমণে দুয়োখন ৰাষ্ট্রকে এই সহযোগিতা সুদৃঢ় কৰাৰ আৰু পৰ্যালোচনা চলোৱাৰ সুযোগ প্রদান কৰিব বুলি বিদেশ সচিবগৰাকীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত মৰিছাচৰ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দল, নৌ সেনা বাহিনীৰ এখন জাহাজ আৰু বায়ু সেনাৰ আকাশ গংগা স্কাই ডাইভিং দলে এই দিৱসৰ অনুষ্ঠানত ভাগ ল’ব। প্রধানমন্ত্রী মোদীয়ে এই ভ্ৰমণকালত মৰিছাচ ৰাষ্ট্ৰপতি ধৰ্মবীৰ গোখুলক সাক্ষাৎ কৰিব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী ড০ নবীন চন্দ্ৰ ৰামগুলামৰ লগতে বিশিষ্ট ব্যক্তি আৰু নেতাসকলক সাক্ষাৎ কৰিব। তেওঁ লগতে দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকৰ সৈতেও আলোচনাত মিলিত হ’ব। ভ্ৰমণকালত শ্ৰী মোদীয়ে ভাৰতীয় অনুদানেৰে নিৰ্মাণ কৰা অসামৰিক সেৱা মহাবিদ্যালয় আৰু ক্ষেত্ৰ স্বাস্থ্য কেন্দ্ৰও মুকলি কৰিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক