প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচীৰে আজি ৰাওনা হ’ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী মোদীয়ে আজি মধ্যপ্ৰদেশৰ চত্তৰপুৰ জিলাৰ বাঘেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। এই চিকিৎসালয়খনত অত্যাধুনিক আহিলা পাতি আৰু বিশেষজ্ঞ চিকিৎসকৰ সহায়ত দুখীয়া কৰ্কট ৰোগীসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব। তেওঁ লগতে ভূপালত দুদিনীয়া গোলকীয় বিনিয়োগ সন্মিলন মুকলি কৰিব। কাইলৈ প্ৰধানমন্ত্ৰী বিহাৰৰ ভাগলপুৰলৈ যাব। সিদিনাখন তেওঁ ভাগলপুৰৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ঊনিবংশ কিস্তিৰ ধন মুকলি কৰিব। এই আঁচনিৰ অধীনত খেতিয়কসকলক সম পৰিমাণৰ তিনিটা কিস্তিত বছৰি ৬ হাজাৰ টকা প্ৰদান কৰা হয়।
সমগ্ৰ দেশৰ ৯ কোটি ৮০ লাখৰো অধিক খেতিয়কৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ মাধ্যমেৰে ২২ হাজাৰ কোটিৰো অধিক টকাৰ বিত্তিয় সাহায্য প্ৰদান কৰা হ’ব বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। মোদী চৰকাৰে কৃষকৰ কল্যাণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰী চৌহানে কয়, যে প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত বৰ্তমানলৈকে দেশৰ ১১ কোটিৰো অধিক পৰিয়াললৈ ৩ লাখ ৪৬ হাজাৰ কোটি টকা যোগান ধৰা হৈছে। এই উপলক্ষে সমগ্ৰ দেশৰ ৭৩১টা কৃষি বিজ্ঞান কেন্দ্ৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে আঢ়ৈ কোটি কৃষক পৰিয়ালে প্ৰত্যক্ষ অথবা ভার্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত যোগদান কৰিব।
প্রধানমন্ত্ৰীয়ে বিহাৰ ভ্ৰমণ সামৰি কাইলৈ অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া ঐতিহ্য উদযাপনকল্পে হ’বলগীয়া ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান উপভোগ কৰাৰ বাবে গুৱাহাটীলৈ আহিব। সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীতো ভাগ ল’ব। প্রধানমন্ত্ৰীয়ে মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। প্ৰধানমন্ত্ৰীক আদৰাৰ বাবে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বিভিন্ন সাংস্কৃতিক দলসমূহে অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে প্রধানমন্ত্ৰীগৰাকীক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনাব।
Site Admin | February 23, 2025 11:01 AM | Assam | Bihar | PM Modi visit of Madhya Pradesh
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচী আৰম্ভ
