প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ সফল ভ্ৰমণ সামৰি আজি নিচেই পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত উপস্থিত হয়। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় মোহন ক্ৰাট্টা আৰু অন্য বিষয়াসকলে প্রধানমন্ত্রীক বিমান বন্দৰত বিপুলভাৱে আদৰণি জনায়। প্রচণ্ড শীতকো নেওচি দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলেও ব্লেয়াৰ হাউচৰ বাহিৰত শ্ৰীমোদীক আদৰণি জনায়। এই ভ্ৰমণ কালত শ্ৰীমোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ডনাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা পাছত দেশখনলৈ যোৱা প্ৰধান বিশ্বনেতাসকলৰ ভিতৰত শ্ৰীমোদী অন্যতম। আমেৰিকা ভ্ৰমণলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্রী মোদীয় কয়, যে সহযোগিতা বৃদ্ধি আৰু উভয় দেশৰ মাজৰ অংশীদাৰিত্ব সুদৃঢ় কৰি তোলাৰ বাবে তেওঁৰ প্ৰথম কাৰ্যকালত গ্ৰহণ কৰা কাৰ্যসূচী অনুসৰি এই যাত্ৰা ৰূপায়ণ কৰা হৈছে। প্রধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাৰ সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজত কৌশলগত সহযোগিতাৰ প্ৰতি দৃঢ় প্রতিশ্রুতিবদ্ধতা প্রকাশ কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, পাৰমাণৱিক শক্তি আৰু মহাকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সহযোগিতাৰ পৰ্যালোচনা কৰে। তেওঁলোকে অহা বছৰটো ভাৰত ফ্ৰান্স উদ্ভাৱণ বৰ্ষ হিচাপে পালন কৰিবলৈ সন্মতি প্ৰকাশ কৰে। নেতা দুগৰাকীয়ে লগতে প্ৰযুক্তি আৰু বিনিয়োগ সম্পৰ্কৰ বিষয়লৈও আলোচনা কৰে।
এই ভ্রমণ কালত প্রধানমন্ত্রী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে যুটীয়াভাৱে কৃত্রিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনত সহ অধ্যক্ষতা কৰে আৰু ভালেমান উচ্চ পৰ্যায়ৰ কাৰ্যসূচীত অংশ লয়। প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি মাত্ৰৱে কালি মাৰ্ছেত নতুন ভাৰতীয় বাণিজ্যিক দূতাবাস যুটীয়াভাৱে মুকলি কৰে। দুয়োগৰাকীয়ে নেতাই মাৰ্ছেত প্রতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়।
এই আলোচনাৰ অন্তত জাৰি কৰা যুটীয়া বিবৃতিত ভৱিষ্যৎ সহযোগিতাৰ ৰূপ-ৰেখা অনুযায়ী পাৰমাণৱিক শক্তি, পৰিৱেশ আৰু সংস্কৃতিসহ বিভিন্ন ক্ষেত্ৰৰ ১০ খন গুৰুত্বপূৰ্ণ চুক্তি হোৱা বুলি প্ৰকাশ কৰা হয়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে শেহতীয়া আলোচনাকালত ইউৰোপ, পশ্চিম এছিয়া আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ-ৰাজনৈতিক ঘটনাক্রম সম্পর্কে মত বিনিময় কৰা বুলি বৈদেশিক পৰিক্ৰমা সচিব বিক্রম মিশ্ৰীয়ে প্ৰকাশ কৰিছে। ফ্ৰান্সৰ মাৰ্চেত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীমিশ্ৰীয়ে কয়, যে নেতা দুগৰাকীয়ে গোলকীয় আৰু আঞ্চলিক গুৰুত্বৰ বিষয়েও আলোচনা কৰে। এই আলোচনাত দুয়ো পক্ষই কৃত্রিম বুদ্ধিমত্তাৰ বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সচিবগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | February 13, 2025 11:46 AM | PM America
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত উপস্থিত
