ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমোদীয়ে কয় যে ভাৰতৰ জলবায়ুক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে এই অভিযানে বহনক্ষম ভৱিষ্যতৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক চিহ্নিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ বছৰীয়া যাত্ৰাৰ প্ৰশংসা কৰি কয় যে এয়া কেৱল বিভাগটোৰ যাত্ৰাই নহয় বৰঞ্চ এয়া হৈছে দেশৰ অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ গৌৰৱময় যাত্ৰা। এই দীঘলীয়া সময়ছোৱাত ভাৰতীয় বতবিজ্ঞান বিভাগে কোটি কোটি লোকলৈ সেৱা আগবঢ়োৱাৰ লগতে দেশৰ বৈজ্ঞানিক যাত্ৰাৰ চিহ্ন হিচাপে পৰিচিত হ’ল বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে বিভাগটোৰ ডেৰশ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এটা স্মাৰক মুদ্ৰা মুকলি কৰাৰ লগতে আই এম ডি ভিজন ২০৪৭ শীৰ্ষক দস্তাৱেজ মুকলি কৰে। এই দস্তাৱেজত বতৰৰ পূর্বাভাষ, বতৰ ব্যৱস্থাপনা আৰু জলবায়ু পৰিবৰ্তন প্রশমনৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে মিছন মৌচম আৰম্ভ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে উচ্চ প্ৰাৱল্যৰ বায়ু মণ্ডলীয় পর্যবেক্ষণ, পৰৱৰ্তী পৰ্যায়ত ৰাডাৰ, উপগ্ৰহ আৰু উচ্চ ক্ষমতা সম্পন্ন কম্পিউটাৰৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক