ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২,২০০ কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১২,২০০ কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ মূল উদ্দেশ্য হ’ল আঞ্চলিক সংযোগ ব্যৱস্থাৰ উন্নতি সাধনেৰে যাতায়াত ব্যৱস্থা সূচল কৰি তোলা। প্রধানমন্ত্রী মোদীয়ে চাহিবাবাদ ৰেল ষ্টেচনৰ পৰা নিউ অশোক নগৰ ৰেল ষ্টেচনলৈ নমো ভাৰত ৰেলেৰে এটা যাত্ৰা সম্পূৰ্ণ কৰে। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয়, যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী চহৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা উল্লেখযোগ্য উপহাৰ লাভ কৰিছে আৰু ইয়াৰ দ্বাৰা চহৰীয়া যাতায়াত ব্যৱস্থাৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। তেওঁ চাহিবাবাদ ৰেল ষ্টেচনৰ পৰা নিউ অশোক নগৰ ৰেল ষ্টেচনলৈ নমো ভাৰত ৰেলগাড়ীৰে পূৰ্বে কৰা যাত্ৰাৰ কথা স্মৰণ কৰে যিয়ে ভাৰতৰ বিকশিত চহৰসমূহত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ভৱিষ্যত প্ৰতিফলিত কৰিছে। তেওঁ লগতে নমো ভাৰত প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে দিল্লী আৰু মীৰাট পথত যাতায়াতৰ ক্ষেত্ৰত চকুত লগা পৰিৱৰ্তন পৰিলক্ষিত হব বুলি মন্তব্য কৰে। তেওঁ লগতে ভাৰতৰ মেট্‌’ ৰেল নেটৱৰ্কে বৰ্তমান এহেজাৰ কিলোমিটাৰলৈ সম্প্ৰসাৰণ হৈছে বুলি উল্লেখ কৰে আৰু ইয়াক চৰকাৰৰ এটা উল্লেখযোগ্য সাফল্য বুলিও অভিহিত কৰে। শ্ৰীমোদীয়ে কয়, যে ২০১৪ চনত দেশে তেওঁৰ চৰকাৰক শাসনৰ দায়িত্ব অৰ্পন কৰাৰ সময়ত ভাৰত মেট্ৰ’ যোগাযোগৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষৰ দহখন দেশৰ ভিতৰত নাছিল আৰু বিগত দহ বছৰত মেট্ৰ নেটৱৰ্কৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয়, যে তেওঁলোকৰ চৰকাৰৰ বৰ্তমানৰ কাৰ্যকালত মেট’ নেটৱৰ্কৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ দেশলৈ উন্নীত হ’ব।
প্রধানমন্ত্রীয়ে কয়, যে বিগত দহ বছৰত চৰকাৰে আন্তঃগাথনি উন্নীতকৰণত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। তেওঁ কয়, যে দহ বছৰ পূৰ্বে বাজেটত আন্তঃগাথনিৰ বাবে প্ৰায় ২ লাখ কোটি টকা বাজেট ধার্য কৰা হৈছিল আৰু বৰ্তমান এই পৰিমাণ এঘাৰ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ আৰু কয়, যে আধুনিক যোগাযোগ ব্যৱস্থা, বিশেষকৈ চহৰসমূহৰ মাজৰ যোগাযোগ অধিক উন্নত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। প্রধানমন্ত্রীয়ে কয়, যে বর্তমান দিল্লীৰ পৰা আন চহৰলৈ এক্সপ্ৰেছ ৱেৰ জৰিয়তে সংযোগ স্থাপিত হৈছে যাৰ বাবে দিল্লী চহৰ বিভিন্ন ঔদ্যোগিক স্থানৰ সৈতে সংযোজিত হ’ব পাৰিছে। উল্লেখযোগ্য যে, এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল, দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা আৰু মুখ্যমন্ত্ৰী আতিশীও উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৰোহিনীত ১৮৫ কোটি টকা ব্যয়সাপেক্ষে নতুনকৈ নিৰ্মাণ হ’বলগীয়া কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ অত্যাধুনিক ভৱনৰ আধাৰশিলাও স্থাপন কৰে। এই ভৱনৰ জৰিয়তে জনসাধাৰণক অত্যাধুনিক স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক