ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা দিল্লীত ১২,২০০ কোটি টকাৰো অধিক পুঁজি ব্যয়ৰে নির্মিত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ১২,২০০ কোটি টকাৰো অধিক পুঁজি ব্যয়ৰে নির্মিত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪,৬০০ কোটি টকা ব্যয়ৰে নিৰ্মিত দিল্লী-গাজিয়াবাদ–মীৰাট নমো ভাৰত কৰিড’ৰেৰে চাহিবাবাদ আৰু নিউ অশোক নগৰৰ মাজৰ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল পথছোৱা মুকলি কৰিব। শ্রী মোদীয়ে তেওঁ চাহিবাবাদ ষ্টেচনৰ পৰা নিউ অশোক নগৰ ষ্টেচনলৈ নমো ভাৰত ৰে’ল যোগে যাত্ৰাও কৰিব। দিল্লী মেট্ৰ’ৰ ৪ নম্বৰ ফেজৰ ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ জনকপুৰী আৰু কৃষ্ণপাৰ্কৰ মাজৰ ৰে’ল পথছোৱাও শ্ৰী মোদীয়ে উদ্বোধন কৰিব। এই নতুন পথছোৱাৰ জৰিয়তে পশ্চিম দিল্লীৰ কৃষ্ণপার্ক, বিকাশপুৰীৰ কিছু এলেকা জনকপুৰী আৰু অন্যান্য অঞ্চলৰ লোকসকলো উপকৃত হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ লগতে দিল্লী মেট্ৰ’ৰ এই এলেকাতে ২৬.৫ কিলোমাৰ দৈৰ্ঘ্যৰ ৰিথালা-কুণ্ডলী খণ্ডৰ প্ৰায় ৬,২৩০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগা ৰেলপথৰ আধাৰশিলা স্থাপন কৰিব। এই ক’ৰিড’ৰে দিল্লীৰ ৰিথালাৰ সৈতে হাৰিয়ানাৰ নাথপুৰক সংযোজিত কৰিব। নতুন দিল্লীৰ ৰোহিনীত থকা কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন ষ্টেট অব দ্যা আর্ট ভৱনৰো প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব। এই চৌহদে চিকিৎসা আন্তঃগাঁথনিৰ লগতে উন্নত স্বাস্থ্যসেৱা আগবঢ়াব। এই প্রকল্পসমূহৰ উদ্বোধনে দিল্লীৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ যোগাযোগ আৰু পৰিবহণ সূচল কৰি তুলিব।

অধিক পঢ়ক

সকলো চাওক