ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা খাজুৰাহোত দেশৰ প্ৰথমটো অভিলাসী তথা বহুমুখী কেন-বেটৱা নদী আন্তঃসংযোগ ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য প্ৰদেশৰ বিভিন্ন স্থানত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্রীমোদীয়ে খাজুৰাহোত ৪৪,৬০৫ কোটি টকা ব্যয়সাপেক্ষ দেশৰ প্ৰথমটো অভিলাসী তথা বহুমুখী কেন-বেটৱা নদী আন্তঃসংযোগ ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰে নৱৈ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ১০ শতাংশ ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব । এই প্ৰকল্পটোৱে ৮ লাখ হেক্টৰ ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব। ইয়াৰ দ্বাৰা ১০ খন জিলাৰ ২ হাজাৰখন গাঁৱৰ ৭ লাখতকৈও অধিক কৃষক পৰিয়াল উপকৃত হ’ব। এই প্ৰকল্পটোৱে মধ্য প্ৰদেশৰ ১০ খন জিলাৰ ৪৪ লাখ জনসাধাৰণক খোৱাপানীৰ যোগান ধৰিব। প্ৰকল্পটোৱে ১০৩ মেগাৱাট জলশক্তিৰ লগতে ২৭ মেগাৱাট সৌৰশক্তি যোগান ধৰিব।
প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ জয়ন্তীৰ লগত সংগতি ৰাখি শ্ৰীমোদীয়ে দেশৰ প্ৰথমটো সৌৰ প্ৰকল্প ঔমকেশ্বৰত মুকলি কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ১১৫৩ টা অটল গ্রাম্য সুশাসন অট্টালিকাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ স্মৃতিত এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰে। এই উপলক্ষে অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে সুশাসন আমাৰ বাবে কেৱল মাত্ৰ এদিনীয়া কাৰ্যসূচী নহয়, বৰং বিজেপি চৰকাৰৰ এয়া এক পৰিচয়। অন্য দলৰ চৰকাৰৰ সৈতে বিজেপি দলৰ চৰকাৰৰ তুলনা কৰি শ্ৰীমোদীয়ে কয়, যে বিজেপি চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে দিনে নিশাই কঠোৰ শ্ৰম কৰি আহিছে। প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতি ৰোমন্থন কৰি শ্রীমোদীয়ে কয়, যে প্রয়াত বাজপেয়ী বিজেপি দলৰ বাবে সুশাসন আৰু উৎকৃষ্ট সেৱাৰ অনুপ্ৰেৰণাৰ উৎস। কংগ্ৰেছ দল  শাসনত থকা সময়ছোৱাত বিভিন্ন প্ৰকল্পৰ ভূৱা প্ৰতিশ্ৰুতি, ফিটাকটা, বন্তি প্রজ্বলন, ফটো উঠা আৰু কাকতত বিবৃতি প্রকাশ কৰাৰ বাহিৰে জনসাধাৰণ উপকৃত হ’ব পৰা কোনো ধৰণৰ কাম কৰা নাছিল বুলিও শ্রীমোদীয়ে তাৎপর্যপূর্ণ অভিযোগ কৰে ৷ জল বিবাদ সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয়, যে বিজেপি দলৰ শাসনকালত ৭ টা দশক পাছত বিভিন্ন ৰাজ্যৰ মাজত জল বিবাদৰ নিষ্পত্তি কৰিছে। কংগ্ৰেছ দল পঞ্চায়তৰ পৰা সংসদলৈকে ক্ষমতাত থকা কালত এই বিবাদ সহজে মিমাংসা কৰিব পাৰিলেহেঁতেন। কিন্তু কংগ্ৰেছে এই ক্ষেত্ৰত কোনো ইতিবাচক ভূমিকা গ্ৰহণ নকৰিলে । যেতিয়া অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত দেশত দেশত বিজেপি চৰকাৰ গঠন হ’ল, তেতিয়া তেওঁ পানীৰ সমস্যা সমাধানত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। কিন্তু ২০০৪ চনত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ শাসনলৈ অহাৰ সময়ত অটল বিহাৰী বাজপেয়ীয়ে গ্ৰহণ কৰা পূৰ্বৰ প্রচেষ্টা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো আগ্ৰহ নেদেখুৱালে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে। বাবা চাহেব আম্বেদকাৰৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে জল উৎস, জল পৰিচালনা, বান্ধ নিৰ্মাণ ক্ষেত্ৰত ভাৰতক শক্তিশালী কৰাৰ ক্ষেত্ৰত আম্বেদকাৰৰ লক্ষ্যৰ কথাও দোহাৰে। আম্বেদকাৰে ভাৰতৰ মুখ্য নদী প্রকল্পসমূহৰ উন্নয়নৰ ক্ষেত্ৰত পালন কৰা বিশেষ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে ইয়াৰ আঁৰত তেওঁৰ শেহতীয়া ৰাষ্ট্ৰীয় জল আয়োগ গঠনৰ প্ৰচেষ্টাও নিহিত হৈ আছিল বুলি মন্তব্য কৰে। দেশৰ পৰ্যটন ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশ বিদেশৰ পৰ্যটকসকলক পর্যাপ্ত সা-সুবিধা দিয়াৰ লগতে ভ্ৰমণ সহজ কৰি তোলাত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে। পর্যটন উদ্যোগক সমৃদ্ধ কৰিবলৈ চৰকাৰে বিদেশী পৰ্যটকক ই ভিছা প্ৰদানৰ আঁচনি গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে। মধ্য প্ৰদেশত আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যখনৰ ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্রী ড° মোহন যাদৱ আৰু কেন্দ্ৰীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলো উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক