প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত তেওঁৰ শেহতীয়া গায়েনা ভ্ৰমণৰ বিষয়ে আনন্দ প্রকাশ কৰি কয়, যে গায়েনাত এখন মিনি ইণ্ডিয়া বাস কৰে। প্ৰায় ১৪০ বছৰৰ আগতে ভাৰতীয় লোকসকলক পথাৰত কাম কৰিবলৈ বা অন্যান্য কামৰ বাবে গায়েনালৈ লৈ যোৱা হৈছিল। শ্রীমোদীয়ে কয়, যে গায়েনাত থকা ভাৰতীয় মূলৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে দেশখনক নেতৃত্ব প্ৰদান কৰি আহিছে। তেওঁ কয়, যে গায়েনাৰ ৰাষ্ট্ৰপতিও ড০ ইৰফান আলীও ভাৰতীয় মূলৰ আৰু তেওঁ নিজৰ ভাৰতীয় ঐতিহ্যক লৈ গৌৰান্বিত। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে বিশ্বৰ বহুতো দেশত লাখ লাখ ভাৰতীয় লোক আছে আৰু যাৰ পূৰ্বপুৰুষৰ নিজা কাহিনী আছে। শ্রীমোদীয়ে বহু শতিকাজুৰি ওমানত বসবাস কৰি থকা ভাৰতীয় লোকসকলৰ কথা উল্লেখ কৰি কয়, যে তেওঁলোকৰ বেছিভাগে গুজৰাটৰ কচ্ছৰ। এই লোকসকলে গুৰুত্বপূৰ্ণ বাণিজ্যিক সংযোগ সৃষ্টি কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আৰু কয়, যে ওমানত থকা ভাৰতীয় দূতাবাস আৰু ৰাষ্ট্ৰীয় আর্কাইভৰ সহায়ত এটা দলে এই পৰিয়ালসমূহৰ ইতিহাস সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত এতিয়ালৈকে অলেখ নথিপত্র সংগ্ৰহ কৰা হৈছে। শ্রীমোদীয়ে লগতে কয়, যে ভাৰততো একেধৰণৰ মৌখিক ইতিহাস প্ৰকল্পৰ কাম সম্পন্ন কৰা হৈছে। এই প্ৰকল্পৰ অধীনত ইতিহাসবিদসকলে দেশ বিভাজনৰ সময়ছোৱাত ভুক্তভোগীসকলৰ অভিজ্ঞতাবোৰ একত্ৰিত কৰি আছে।
Site Admin | November 24, 2024 6:14 PM | Foreign country visit | Mann Ki Baat