ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা

ডমিনিকাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দেশখনৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা আগবঢ়াইছে। কোৱিড-19 মহামাৰীৰ সময়ত ডমিনিকালৈ আগবঢ়োৱা অৱদান তথা ভাৰত আৰু ডমিনিকাৰ মাজৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়োৱা হৈছে। গায়ানাৰ জৰ্জ টাউনত ১৯ৰ পৰা ২১ নৱেম্বৰলৈ হ’বলগীয়া ভাৰত-কেৰিকম সন্মিলনত কমনৱেল্থ অব্ ডমিনিকাৰ ৰাষ্ট্ৰপতি ছিলভানী বার্টনে শ্রী মোদীক এই বঁটা প্রদান কৰিব। ডমিনিকাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ২০২১ চনৰ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী মোদীয়ে ডমিনিকালৈ আস্ট্রাজেনেকা ক’ভিদ-19 প্রতিষেধকৰ ৭০ হাজাৰ পালি প্ৰেৰণ কৰিছিল। এই বঁটাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডমিনিকাৰ স্বাস্থ্য, শিক্ষা আৰু তথ্য-প্ৰযুক্তি খণ্ডলৈ ভাৰতে আগবঢ়োৱা সমর্থনৰ লগতে জলবায়ু স্থিতিস্থাপকতা গঢ়ি তোলা তথা গোলকীয় পৰ্যায়ত বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ ক্ষেত্ৰত শ্ৰী মোদীৰ ভূমিকাক প্ৰতিফলিত কৰিছে। দেশখনৰ প্ৰধানমন্ত্ৰী ৰুছভেল্ট স্কেৰিটে কয়, যে এই বঁটা হৈছে ডমিনিকাৰ সৈতে বিভিন্ন ক্ষেত্ৰত প্ৰধানমন্ত্রী মোদীৰ সংহতিৰ প্ৰতি দেশখনৰ কৃতজ্ঞতাৰ প্ৰকাশ। শ্ৰী মোদী ডমিনিকাৰ এগৰাকী সঁচা বন্ধু বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী স্কেৰিটে কয়, যে শ্রী মোদীৰ সমৰ্থনৰ বাবে দেশখনৰ এই সৰ্বোচ্চ সন্মান তেওঁলৈ আগবঢ়াবলৈ পোৱাটো অতি সন্মানৰ বিষয়।

অধিক পঢ়ক

সকলো চাওক