ডাউনলোড
মোবাইল এপ

android apple
signal

April 27, 2024 11:29 AM | J P Nadda

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ অন্যতম ৰূপে গঢ়ি তোলাৰ কৃতিত্ব প্ৰদান জে পি নাড্ডাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থাসমূহৰ অন্যতম ৰূপে গঢ়ি তোলাৰ কৃতিত্ব প্ৰদান কৰিছে। তেওঁ দেশৰ পৰিবৰ্তন আনিবলৈ সমর্থ হৈছে আৰু বিগত এটা দশকত উন্নয়নৰ ন ন পৰিকল্পনাই আগবাঢ়িছে। শ্রী নাড্ডাই কয় যে যি সময়ত ইউৰোপ, জাপান আৰু ৰাছিয়াৰ দৰে দেশৰ অৰ্থনীতি থৰণ বৰক হৈ পৰিছে সেই সময়তো ভাৰত উজ্বল নক্ষত্ৰৰ দৰে অবিৰতভাবে আগবাঢ়ি গৈছে। কৰ্ণাটকৰ বিদ্ৰত কালি এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী নাড্ডাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ১০ বছৰ পূৰ্বে জনসাধাৰণে কোনো ধৰণৰ পৰিবৰ্তন নহ’ব বুলি আৰু নেতাসকলে এনেদৰে দেশ চলাই নিব বুলি মন্তব্য কৰিছিল আৰু নেতাসকল প্ৰকৃত অৰ্থত পৰিবৰ্তন সাধাৰণৰ বাবে আগ্রহী নহয় বুলি অনুভৱ কৰিবলৈ লৈছিল। কিন্তু প্রধানমনন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত দেশৰ পৰিবৰ্তন সাধিছে আৰু দেশক উন্নয়নৰ দিশে আগবঢ়াই নিছে। মুঠ ঘৰুৱা উৎপাদনৰ ক্রম তালিকাত ভাৰত একাদশ স্থানত থকাৰ কথা উল্লেখ কৰি শ্ৰী নাড্ডাই কয় যে বর্তমান ভাৰত বিশ্বৰ পঞ্চম সর্ববৃহৎ ৰূপে পৰিগণিত হৈছে আৰু বৃটেইনৰ দৰে দেশক চেৰ পেলাবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক