প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। পুনেত উদ্বোধন কৰা প্ৰকল্পসমূহৰ সন্দৰ্ভত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই প্রকল্পসমূহে নগৰ উন্নয়নক নতুন গতি প্ৰদান কৰিব আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ সুচলতা বৃদ্ধি পাব। মহাৰাষ্ট্ৰৰ বৃহৎ প্রকল্পসমূহৰ কাম ইমান দিনে স্থবিৰ হৈ থকাৰ বাবে তেওঁ পূৰ্বৰ চৰকাৰসমূহৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে। ছলাপুৰ বিমান বন্দৰৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত তেওঁ কয় যে, ইয়াৰ দ্বাৰা অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা বহু পৰিমাণে উন্নত হ’ব, বিশেষকৈ পান্ধাৰপুৰৰ ধৰ্মীয় পৰ্যটনে নতুন মাত্রা পাব। উল্লেখযোগ্য যে ছলাপুৰ বিমান বন্দৰটোত বৰ্তমান ৪ লাখতকৈ অধিক যাত্ৰীক একেলগে সেৱা আগবঢ়াব পৰা ব্যৱস্থা কৰা হৈছে। প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন প্রকল্প অধীনত ৭, ৮৫৫ একৰ বিস্তৃত ভূমি সামৰি লোৱা পৰিৱৰ্তনশীল প্রকল্প বিটকিন ঔদ্যোগিক এলেকাও উদ্বোধন কৰে। ভাষণ প্ৰসংগত শ্রী মোদীয়ে কয় যে, এই প্রকল্পসমূহৰ দ্বাৰা নতুন বিনিয়োগৰ সৃষ্টি হ’ব। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় মন্ত্ৰী মুৰলীধৰ ম’হল, মুখ্যমন্ত্রী একনাথ সিন্ধে আৰু উপ-মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।
Site Admin | September 29, 2024 8:37 PM | PM Modi Maharashtra package