ডাউনলোড
মোবাইল এপ

android apple
signal

September 24, 2024 11:46 AM | Modi Government 100 days

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তৃতীয়টো কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাথনি, সমাজ কল্যাণ, কৃষক, মধ্যবিত্ত শ্ৰেণী, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে প্ৰায় ১৫ লাখ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন আঁচনি গ্রহণ কৰিছে। চৰকাৰে দেশৰ গ্ৰামাঞ্চল আৰু আৰ্থিকভাৱে পিছপৰা অঞ্চলৰ মহিলাসকলৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰি বিশেষভাৱে মহিলাৰ দ্বাৰা পৰিচালিত বিকাশৰ বাবে শক্তিশালী পৰিকাথামো গঠনৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। দেশক ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে নৰেন্দ্ৰ মোদী চৰকাৰে কোনো লোকে বিশেষকৈ মহিলা যাতে বিকাশৰ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি নাযায় তাক নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। দিনদয়াল অন্ত্যোদয় আঁচনি-ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা অভিযানৰ অধীনত ৯০ লাখৰো অধিক আত্মসহায়ক গোটৰ জৰিয়তে প্রায় ১০ কোটি মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰায় এঘাৰ লাখ নতুন লাখপতি দিদিয়ে প্রধানমন্ত্ৰীৰ পৰা তেঁওলোকৰ সফলতাৰ চিনৰূপে প্ৰমাণপত্ৰ লাভ কৰিছে। এই বছৰৰ বাজেটত নাৰী শক্তিক লাভান্বিত কৰাৰ উদ্দেশ্যে ৩ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে, মহিলাৰ বাবে সন্মান তথা ঘৰৰ মালিকীস্বত্ব সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় ৩ কোটি অতিৰিক্ত গৃহ নিৰ্মাণ কৰা হ’ব। চৰকাৰে চাৰি লাখ ৩০ হাজাৰ আত্মসহায়ক গোটৰ ৪৮ লাখ সদস্য উপকৃত হোৱাকৈ দুহেজাৰ ৫০০ কোটি টকাৰ পুঁজি মুকলি কৰি দিছে। নাৰী শক্তিক উদযাপন কৰাৰ উদ্দেশ্যে দুই লাখ ৩৫ হাজাৰ আত্মসহায়ক গোটৰ ২৬ লাখ সদস্য উপকৃত হোৱাকৈ পাঁচ হাজাৰ কোটি টকাৰ বেংকৰ ঋণ মুকলি কৰি দিয়া হৈছে। তদুপৰি মহিলা উদ্যোগীসকলৰ সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি মুদ্ৰা ঋণৰ সীমা ১০ লাখৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক