ডাউনলোড
মোবাইল এপ

android apple
signal

September 21, 2024 10:24 AM | PM Visit

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া ভ্ৰণসূচীৰে আমেৰিকালৈ যাত্ৰা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া ভ্ৰণসূচীৰে আজি আমেৰিকালৈ যাব। এই ভ্ৰমণকালত শ্ৰী মোদীয়ে কেইবালানিও উচ্চস্তৰীয় বৈঠক আৰু আলোচনাত মিলিত হ’ব। ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত অংশগ্রহণেৰে শ্ৰী মোদীয়ে তেওঁৰ এই ভ্ৰমণৰ পাতনি মেলিব। সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি জটিল প্রযুক্তি আদি সামৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্ৰী মোদীয়ে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বায়ডেন আৰু কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ অন্যান্য নেতাসকলৰ সৈতেও দ্বিপাক্ষীক বৈঠকত মিলিত হ’ব। আমেৰিকা ভ্ৰমণৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্রী মোদীয়ে কয় যে, এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি বায়ডেন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আলবানিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশ্বিদাক সাক্ষাৎ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হ’বলগীয়া বৈঠক সন্দৰ্ভত শ্রী মোদীয়ে কয় যে, এই বৈঠকে ভাৰতৰ জনসাধাৰণ তথা গোলকীয় হিতৰ উদ্দেশ্যে ভাৰত, আমেৰিকা সামগ্রিক গোলকীয় কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে নতুন পথৰ সন্ধান তথা পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদী নিউয়র্কলৈ যাব আৰু ২২ ছেপ্তেম্বৰত তেওঁ দেশৰখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে কৃত্রিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটি আৰু অর্ধপৰিবাহী আদি ন ন প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যাপক সহযোগিতা অন্বেষণৰ উদ্দেশ্যে আমেৰিকাৰ আগশাৰীৰ কোম্পানীসমূহৰ শীৰ্ষ নেতাসকলৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা আছে। নিজৰ বিবৃতিত প্রধানমন্ত্ৰীয়ে কয় যে, তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু আমেৰিকাৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক নেতাসকলক সাক্ষাৎ কৰিব। ভ্ৰমণৰ অন্তিম দিনা নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অব দ্য ফিউচাৰ শীৰ্ষক সন্মিলন সম্বোধন কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান।

অধিক পঢ়ক

সকলো চাওক