প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত নির্বাচনী সভাত অংশগ্রহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰ উত্তৰ বংগৰ উন্নয়নৰ বাবে প্রতিশ্রুতিবদ্ধ। শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰাৰ পৰা বিৰত থাকি ৰাজ্যখনৰ জনসাধাৰণক বঞ্চিত কৰিছে বুলি তেওঁ অভিযোগ তোলে। শ্রী মোদীয়ে আই এন ডি আই মিত্ৰজোঁটৰ দেশক নেতৃত্ব দিয়াৰ কোনো পৰিকল্পনা নাই বুলিও সমালোচনা কৰে। তেওঁ কয় যে, উত্তৰ বংগলৈ অধিক পৰ্যটক তথা বিনিয়োগ আকর্ষণ কৰাৰ উদ্দেশ্যে জি-২০ সন্মিলনৰ আয়োজন কৰা হৈছিল। বিজেপি ক্ষমতালৈ আহিলে ৰাজ্যখনলৈ অধিক বিনিয়োগ আকৰ্ষিত হ’ব বুলি তেওঁ জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়ে। জলপাইগুৰিৰ বাচিত যোৱা দেওবাৰে ঘূর্ণিবতাহত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে তেওঁ শোক প্ৰকাশ কৰে ৷ ইপিনে, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁৰ দল প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে। পশ্চিম বংগৰ পুৰুলিয়াৰ হুদাৰ ল’ধুৰকাত তেওঁ এই কথা প্ৰকাশ কৰে ৷ নেত্ৰীগৰাকীয়ে এখন জনসভাত পুৰুলিয়াৰ টি এম চিৰ প্ৰাৰ্থী শান্তিৰাম মাহতোৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । নেত্ৰীগৰাকীয়ে বিজেপি দল তথা নাগৰিকত্ব সংশোধনী আইনক সমালোচনা কৰে। বেনাৰ্জীয়ে বিজেপিক প্ৰত্যাখ্যান কৰি তৃণমূল কংগ্ৰেছক ভোট দিবলৈ জনসাধাৰণলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক